Mango Plucking : অনুমতিৰ অবিহনে গছৰ পৰা আম সৰাই বিপদত তিনি মহিলা

3bf6ff74 5a4e 40cc 86ce e7a4dd63f419

Mango Plucking :

এগৰাকী কিশোৰীকে ধৰি তিনিগৰাকী মহিলাক অনুমতি অবিহনে গছৰ পৰা আম সৰোৱাৰ অপৰাধত তৰোৱালেৰে প্ৰহাৰ কৰাৰ অভিযোগ এজন চুবুৰীয়াৰ ।

ঘটনাটো মঙলবাৰে কেৰালাৰ আলাপুঝা জিলাৰ কায়ামকুলমত সংঘটিত হয় । আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মূল অভিযুক্ত জয়েশ ওৰফে বিজুক ।

তথ্য অনুসৰি, বিজু আৰু তেওঁৰ চুবুৰীয়া প্ৰায়ে তীব্ৰত তৰ্কত লিপ্ত হয় । দুয়োপক্ষৰ মাজত কে’বাবাৰো তৰ্ক হৈ গৈছে । তেতিয়াৰ পৰাই, বিজুৱে ‘প্ৰতিশোধ’ লোৱাৰ পৰিকল্পনা কৰি আহিছে।

কিছুদিন আগতে, বিজুৱে গম পাই যে চুবুৰীয়াৰ ঘৰৰ কিছুমান সদস্যই তেওঁৰ মাটিত থকা আম গছৰ পৰা আম সৰাইছে। খবৰটো শুনাৰ লগে লগেই খঙত অগ্নিশৰ্মা হয় বিজু । আৰু তাত ‘প্ৰতিশোধ’ লোৱাৰ সুযোগো আহি যায় ।

অভিযোগ অনুসৰি ইয়াৰ পাছতে, বিজুৱে এটা দলৰ স’তে চুবুৰীয়াৰ ঘৰত আক্ৰমণ কৰে । তেওঁক বাধা দিবলৈ চেষ্টা কৰা দুগৰাকী মহিলা আৰু এগৰাকী কিশোৰীক তৰোৱালেৰে আঘাত কৰে ।

আক্ৰমণটোত তিনিজন লোক আহত হয় । চাৰিওফালৰ চিঞৰ বাখৰ হোৱাত বিজু দলটোৰ স’তে পলাই যায় । তেতিয়াৰ পৰাই তেওঁ পলাতক।

আহতসকলৰ তিনিজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় । বিজু আৰু তেওঁৰ দুজন সহযোগীৰ বিৰুদ্ধে হত্যাৰ চেষ্টাৰ এটা গোচৰ ৰুজু কৰা হৈছে ।

মূল অভিযুক্ত বিজু মঙলবাৰৰ পৰা পলাতক । শুক্ৰবাৰে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে আৰু তেওঁৰ দুজন সঙ্গীক বিচাৰি উলিওৱা হৈছে।

Exit mobile version