Sukhvinder Singh Sukhu : হিমাচলৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কংগ্ৰেছ নেতা সুখবিন্দৰ সিং সুখু

PTI12 11 2022 000123B 3

Sukhvinder Singh Sukhu :

হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিলে কংগ্ৰেছ নেতা সুখবিন্দৰ সিং সুখুয়ে । সমান্তৰালকৈ মুকেশ অগ্নিহোত্ৰীয়ে উপ-মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰে ।

দেওবাৰে চিমলাৰ ৰিজ ময়দানত অনুষ্ঠিত হোৱা শপত গ্ৰহণ অনুষ্ঠানত কংগ্ৰেছ চৰকাৰখনে কাৰ্যভাৰ গ্ৰহণ কৰে ।উক্ত শপত গ্ৰহণ কাৰ্যসূচীত কংগ্ৰেছৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে , ৰাহুল গান্ধী , প্ৰিয়ঙ্কা গান্ধী আৰু দলটোৰ জেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰে ।

উল্লেখ্য যে , হিমাচল প্ৰদেশৰ বিধানসভা নিৰ্বাচনত ৬৮ খন আসনৰ ভিতৰত ৪০ খন আসন কংগ্ৰেছ দলে লাভ কৰিবলৈ সক্ষম হৈছিল । সদ্য মুখ্যমন্ত্ৰীকে ধৰি কেবিনেটত মুঠ ১২ জন মন্ত্ৰীয়ে স্থান লাভ কৰিছে যদিও আগন্তুক সময়ত এই কেবিনেটৰ সম্প্ৰসাৰণ কৰা হ’ব ।

Exit mobile version