Supreme Court of India : চিনাক্ত কৰিব লাগিব ‘বেড টাচ’ ‘গুড টাচ’, শিশুৰ যৌন নিৰ্যাতন সম্পৰ্কত বার্তা দেশৰ মুখ্য ন্যায়াধীশৰ

IMG 6911

Supreme Court of India :

চিনাক্ত কৰিব লাগিব স্পর্শৰ ভাষা । সৰুৰ পৰাই শিশুসকলক সতর্ক কৰিব লাগিব যৌন নিৰ্যাতনৰ বিষয়ে । বুজাব লাগিব ভাল স্পর্শ আৰু বেয়া স্পর্শৰ মাজত প্রভেদ । বার্তা দেশৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ৰ (DY Chandrachur) ।

বর্তমান কেৱল দেশতে নহয়, সর্বত্রই শিশুৰ ওপৰত যৌন নির্যাতনৰ ঘটনা বৃদ্ধি পাইছে আৰু সেয়া ৰোধ কৰিবলৈ বিশেষ কিছুমান ব্যৱস্থা গ্ৰহণৰ বিষয়ে কয় উচ্চতম ন্যায়ালয়ৰ (Supreme Court) মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্রচূড়ে ।

তেওঁৰ পৰামর্শ, সৰুৰ পৰাই অভিভাৱকসকলে ‘নিৰাপদ স্পর্শ’ আৰু ‘বিপজ্জনক স্পর্শৰ’ মাজত পার্থক্য চিহ্নিত কৰিবলৈ আৰু বুজিবলৈ শিশুক সচেতন কৰা উচিত ।

তেওঁ কয়, “বহু সময়ত পৰিয়ালৰ সদস‌্যসকলৰ দ্বাৰাই যৌন নির্যাতনৰ বলি হ’বলগীয়া হয় শিশুৱে । নির্যাতিত আৰু নির্যাতনকাৰী যদি একেই পৰিয়লৰ সদস্য হয় তেতিয়াও অভিযোগ দাখিল কৰিব লাগিব । কাৰণ পাৰিবাৰিক সন্মান এই সমস্ত ঘটনাৰ ঊর্ধ্বত নহয় ।”

এনেকি এই বিষয়ত চৰকাৰেই যি প্রচাৰ চলাব লাগিব তাৰ ওপৰতো জোৰ দিয়ে মুখ্য ন্যায়াধীশগৰাকী‌য়ে । শনিবাৰে শিশুৰ ওপৰত যৌন নির্যাতন প্রতিৰোধ আইন ‘পকছো’ বিষয়ক আলোচনাসভাত অংশগ্ৰহণ কৰে শীৰ্ষ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ।

এই আলোচনাসভাত তেওঁ কয়, “বহু ঠাইত শিশুৰ ওপৰত যৌন নির্যাতনৰ ঘটনা গোপন কৰাৰ চেষ্টা কৰা হয় । এই প্রৱণতা দুর্ভাগ্যজনক । নীৰৱতাই অপৰাধীসকলক প্ৰৰোচনা দিয়ে । যি শিশু নির্যাতনৰ বলি হৈছে তাৰ সুৰক্ষাৰ ব‌্যৱস্থা কৰিব লাগিব চৰকাৰে ।”

যোৱা ছেপ্টেম্বৰত গর্ভপাত সন্দৰ্ভত বৃহৎ ৰায় দিছে শীর্ষ আদালতে । দেশৰ সকলো মহিলা নিৰাপদ আৰু আইনী গর্ভপাতৰ (Abortion) অধিকাৰী, এই বিষয়ত বিবাহিত আৰু অবিবাহিত মহিলাৰ মাজত কোনোধৰণৰ পার্থক্য কৰা অসাংবিধানিক, বৃহস্পতিবাৰে ঐতিহাসিক ৰায় দিলে উচ্চতম ন্যায়ালয়ে ।

লগতে শীর্ষ আদালতে মন্তব্য কৰে, ‘বৈবাহিক ধর্ষণ’ৰ (Marital Rape) বাবেও গর্ভপাতৰ প্রয়োজন হ’ব পাৰে । ‘বৈবাহিক ধর্ষণ’ আৰু ‘ধর্ষণ’ গর্ভপাতৰ ক্ষেত্রত । শীর্ষ আদালতে ‘বৈবাহিক ধর্ষণ’ সংক্রান্ত গোচৰৰ নিষ্পত্তি নোহোৱা স্বত্ত্বেও আদালতৰ এনে মন্তব্য উল্লেখযোগ্য বুলি ধাৰণা কৰা হৈছে ।

Exit mobile version