Bhupendra Patel Takes Oath As Gujarat CM : আজি দ্বিতীয়বাৰৰ বাবে গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ভূপেন্দ্ৰ পেটেলে

উপস্থিত প্ৰধানমন্ত্ৰী মোদী, গৃহমন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰী

WhatsApp Image 2022 12 12 at 15.57.03 1

Bhupendra Patel Takes Oath as Gujarat CM :

বিজেপিৰ জ্যেষ্ঠ নেতা ভূপেন্দ্ৰ পেটেলে সোমবাৰে গুজৰাটৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব। ভূপেন্দ্ৰ পেটেলৰ স’তে আন ২০ গৰাকী কেবিনেট মন্ত্ৰীয়ে শপত লয়।

ৰাজধানী গান্ধীনগৰৰ নতুন সচিবালয়ৰ নিকটৱৰ্তী হেলিপেড গ্ৰাউণ্ডত অনুষ্ঠিত হ’ব লগীয়া শপত গ্ৰহণ অনুষ্ঠানত ৬০ বছৰীয়া বিজেপি নেতা গৰাকীক গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে নতুন মুখ্যমন্ত্ৰী হিচাপে শপত বাক্য পাঠ কৰায়।

উল্লেখ্য যে, শনিবাৰে নৱ নিৰ্বাচিত১৫৬ গৰাকী বিজেপি বিধায়কসকলৰ বিধায়নী দলৰ বৈঠকত সকলোৰে সন্মতি ক্ৰমে ভূপেন্দ্ৰ পেটেলক নেতা হিচাপে নিৰ্বাচিত কৰা হয়।

গুজৰাটৰ ১৮ সংখ্যক মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিবলগীয়া ভূপেন্দ্ৰ পেটেলৰ এই শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিবলগীয়া প্ৰধানমন্ত্ৰী মোডীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈয়ে এক ৰোড শ্বো কৰি আহমেদাবাদত উপস্থিত হয় দেওবাৰে।

আনহাতে, শপত গ্ৰহণ অনুষ্ঠানত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ উপৰিও বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী ক্ৰমে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা, উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ,মধ্য প্ৰদেশৰ চি এম শিৱনাথ চৌহান, উত্তৰাখাণ্ডৰ চি এম পুস্কৰ সিং ধামী, কৰ্ণাটকৰ চি এম এচ আৰ বোম্বাই আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহা উপস্থিত থাকে ৷

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী মোডীয়ে দেওবাৰে ৰোড শ্ব’ৰ ফটোৰ স’তে টুইট কৰি উল্লেখ কৰে “মই আহমেদাবাদত উপস্থিত হোৱাত গুজৰাটৰ ৰাইজে উষ্ম আদৰণি জনাইছে । কাইলৈ গুজৰাটৰ নতুন চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিম ।”

মনকৰিবলগীয়া যে, সদ্য সমাপ্ত গুজৰাট বিধানসভা নিৰ্বাচনৰ ফলাফলত ভাৰতীয় জনতা পাৰ্টীয়ে মুঠ ১৮২ খনৰ ১৫৬ খন আসন লাভ কৰি অভিলেখ সৃষ্টি কৰে। নিৰ্বাচনত কংগ্ৰেছ মাত্ৰ ১৭ খন আসনতে সীমাবদ্ধ থাকে ৷

দলটোৱে ২০১৭ নিৰ্বাচনত ৭৭ খন আসন লাভ কৰিছিল ৷ ইপিনে বিজেপিক চিৰদিনৰ বাবে উৎখাতৰ হুংকাৰ দি নিৰ্বাচনী ৰণক্ষেত্ৰত নামি বিধানসভাৰ আটাইকেখন আসনত প্ৰতিদ্বন্দ্ব্বিতা কৰা আম আদমী পাৰ্টিয়ে মাত্ৰ পাঁচখন আসন লাভ কৰে ৷

আনকি দলটোৱে মুখ্যমন্ত্ৰী ৰূপে প্ৰক্ষেপ কৰা প্ৰাৰ্থীজনৰো শোচনীয় পৰাজয় হয় ৷ নিদৰ্লীয়ই তিনিখন আৰু সমাজবাদী পাৰ্টিয়ে এখন আসনত জয়ী হয় ৷

Exit mobile version