Congress Leader on Narendra Modi : সংবিধান ৰক্ষা কৰিবলৈ হ’লে মোদীক ‘হত্যা’ কৰিব লাগিব ! মন্তব্য কৰি বিপাঙত মধ্যপ্রদেশৰ কংগ্রেছ নেতা

raja

Congress Leader on Narendra Modi :

সংবিধান ৰক্ষা কৰিবলৈ হ’লে প্রধানমন্ত্রী নৰেন্দ্র মোদীক ‘হত্যা’ কৰিব লাগিব ! এই মন্তব্য কৰি বিপাকত পৰিল মধ্যপ্রদেশৰ বর্ষীয়ান কংগ্রেছ নেতা আৰু প্রাক্তন মন্ত্রী ৰাজা পতেৰিয়া

পান্না জিলাৰ পাৱাই চহৰৰ এক ৰখজনৈতিক অনুষ্ঠান চলাকালীন এই মন্তব্য কৰে কংগ্রেছ নেতাগৰাকীয়ে । কংগ্রেছ নেতাৰ এনে মন্তব্যৰ এটা ভিডিঅ’ও প্রকাশ্যত আহিছে ।

প্রকাশ্যত অহা ভিডিঅ’টোত, কংগ্রেছ নেতা পতেৰিয়াক আসন্ন লোকসভা নির্বাচন আৰু প্রধানমন্ত্রী মোদীৰ কথা কৈ থকা শুনিবলৈ পোৱা যায় ।

ভিডিঅ’ত পতেৰিয়াই কংগ্রেছ কর্মীসকলক কোৱা শুনা যায়, ‘‘মোদীয়ে নির্বাচন শেষ কৰিব আৰু মোদীয়ে ধর্ম-বর্ণ-ভাষাৰ ভিত্তিত বিভাজন সৃষ্টি কৰিব । দলিত, উপজাতি আৰু সংখ্যালঘুসকলৰ জীৱন বিপন্ন । সংবিধান ৰক্ষা কৰিবলৈ হ’লে, মোদীক হত্যা কৰিবলৈ প্রস্তুত থাকক ।’’

যদিও পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ তৎক্ষণাৎ পতেৰিয়াই মন্তব্য কৰে, তেওঁ ‘হত্যা’ বুলি আচলতে ৰাজনৈতিক পৰাজয়ৰ কথা বুজাইছে ।

পতেৰিয়াই স্পষ্ট কৰে যে, তেওঁ মহাত্মা গান্ধীৰ অহিংসাৰ আদর্শ অনুসৰণ কৰে আৰু তেওঁ বুজাব বিচাৰিছিল যে, সংখ্যালঘুসকলৰ সুৰক্ষাৰ বাবে প্রধানমন্ত্রী মোদীক নির্বাচনত পৰাজয়ৰ প্রয়োজন ।

এই ভিডিঅ’ৰ প্রতিক্রিয়া জনাই মধ্যপ্রদেশৰ গৃহমন্ত্রী নৰোত্তম মিশ্র‌ই আৰক্ষীক তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নির্দেশ দিছে । গৃহমন্ত্ৰী মিশ্ৰ‌ই কয়, ‘‘এই ধৰণৰ মন্তব্যৰ পৰা বুজিব পাৰি যে, বর্তমান কংগ্রেছ আৰু মহাত্মা গান্ধীৰ কংগ্রেছ একেই নহয় । এয়া ইটালীৰ কংগ্রেছ । যি মুছোলিনি মানসিকতাত আক্রান্ত ।’’

এই ঘটনাক ‘অমার্জনীয় অপৰাধ’ বুলি মন্তব্য কৰিছে কেন্দ্রীয় মন্ত্রী প্রহ্লাদ ভেংকটেশ যোশীয়ে ।

Exit mobile version