Guwahati Child Missing : মহানগৰীৰ মালিগাঁৱত ঘৰৰ দুৱাৰ মুখৰ পৰা শিশু কন্যা নিৰুদ্দেশ

৩৬ ঘন্টা উকলি যোৱাৰ পিছতো শুংসূত্ৰ নাই শিশুটিৰ, তীব্ৰ চাঞ্চল্য

Kidnapping

Guwahati Child Missing :

স্মাৰ্ট আৰক্ষীক চেলেন্স দি অপৰাধীয়ে মহানগৰীত ইটোৰ পিছত সিটোকৈ অপৰাধমূলক কাৰ্যকলাপ অব্যাহত ৰাখিছে ৷

অপৰাধ নগৰীত পৰিণত হৈছে গুৱাহাটী ৷

মহানগৰীত পুনৰ শিশু অপহৰণৰ চাঞ্চল্যকৰ ঘটনা ৷

মালিগাঁৱত শিশু অপহৰণৰ ঘটনা সংঘটিত হয় ৩৬ ঘটনা উকলি যোৱাৰ পিছতো শুংসূত্ৰ নাই চাৰিবছৰীয়া কন্যা শিশুৰ ৷ ঘৰৰ দুৱাৰমুখৰ পৰা নিৰুদেশ হয় কন্যা শিশুটি । এই ঘটনা সংঘটিত হয় মালিগাঁও আদৰ্শ কলনীত হৈছে ।

প্ৰাপ্ত তথ্যানুশসৰি কাপোৰ বিক্ৰী কৰিবলৈ অহা বেপৰী এজন শিশুটিৰ বাসগৃহলৈ আহিছিল ৷ বেপাৰীজন উভতি যোৱাৰ পিছতে হুৱাদুৱা লাগে ৷ গৃহস্থৰ কন্যা শিশুটি নিৰুদেশ হয় ৷ বেপাৰীজনে হাতত লৈ আনিছিল এটা ডাঙৰ মোনা ৷

সন্দেহ কৰা মতে বেপাৰীজনে শিশুটি অপহৰণ কৰি লৈ যায় ৷ কিয়নো বেপাৰীজন যোৱাৰ পিছৰে পৰা শিশুটি সন্ধানহীন হৈ আছে ৷

শনিবাৰে বিয়লী পৰা নিৰুদ্দেশ হৈ থকা সন্দৰ্ভত ইতিমধ্যে পৰিয়ালৰ লোকে আৰক্ষীৰ কাষ চাপিছে যদিও ৩৬ ঘন্টা উকলি যোৱাৰ পিছতো আৰক্ষীয়ে সন্ধান উলিয়াব পৰা নাই কন্যা শিশুটিৰ ৷

শিশু নিৰুদেশৰ এই ঘটনাক লৈ চাঞ্চল্য সৃষ্টি হয় সমগ্ৰ মালিগাঁও অঞ্চলত ।

ঘৰৰ পদুলি মুখৰ পৰা নিৰুদ্দেশ হোৱা শিশুটি প্ৰকৃততে অপহৰণ নে আন কিবা ঘটনা নিহিত হৈ আছে এই সন্দৰ্ভত আৰক্ষীৰ মাৰাথন তদন্তইহে পোহৰলৈ আনিব সকলো তথ্য ৷

Exit mobile version