India-China Troops Clash In Arunachal Pradesh:টাৱাং সীমান্ত উত্তেজনা,চীন সৈন্য- ভাৰতীয় সৈন্যৰ সংঘাত

চীনা সৈন্যক যোগ্য প্ৰত্যুত্তৰ ভাৰতীয় সেনাৰ , সংঘাতত আহত ছয় ভাৰতীয় সেনা

WhatsApp Image 2022 12 12 at 21.44.19 1

India-China Troops Clash In Arunachal Pradesh:

অৰুণাচলৰ টাৱাং সীমান্তত উত্তেজনা ৷ ভাৰতীয় সেনা আৰু ৰঙা চীনৰ পি এল এৰে সংঘাত সৃষ্টি হয় ৷ দুয়ো দেশৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত দুই দেশৰ সৈন্যৰ মাজত পুনৰ সংঘৰ্ষ হয় ৷

প্ৰাপ্ত তথ্য অনুসৰি যোৱা ৯ ডিচেম্বৰৰ নিশা টাৱাং ছেক্টৰত দুই দেশৰ সেনাৰ মাজত হতাহতি সংঘটিত হয় ৷

এই হতাহতিত দুই দেশৰ কেইবাজনো সৈন্য সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হৈছে৷। আনহাতে সংঘাতৰ পিছতো দুই দেশৰ সীমান্তৰ পৰিবেশ পূৰ্বৰ দৰে স্থিৰ হৈ থকাৰ বাবে ভাৰতীয় কমাণ্ডাৰৰে চীনৰ পি এল এ কমাণ্ডাৰৰ ফ্লেগ মিটিং অনুষ্ঠিত হয় ৷

ঘটনা অনুসৰি ন ডিচেম্বৰৰ নিশা চীনৰ পিপুলছ লিবাৰেশ্যন আৰ্মীয়ে টাৱাংৰ ভাৰতীয় ভূমিত সংগোপনে প্ৰৱেশৰ চেষ্টা কৰে৷চীনত এই অনুপ্ৰৱেশৰ বিৰুদ্ধে মাৰবান্ধি থিয় দি ভাৰতীয় সেনাই বাধা প্ৰদান কৰে ৷

ইয়াকে লৈ দুই দেশৰ সেনাৰ মাজত হতাহতি হয় ৷ ভাৰতীয় সেনাই পি এল এ সেনাক যোগ্য প্ৰত্যুত্তৰ দি এল অ চিৰ পৰা খেদি পঠিয়াই ৷

উল্লেখ্য যে চীনৰে হতাহতিত আঘাতপ্ৰাপ্ত হোৱা ছয়জন ভাৰতীয় সৈন্যক গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷

মনকৰিবলগীয়া যে ২০২০ ৰ ২০ জুনত উত্তৰাখাণ্ডৰ গালৱান উপত্যকাত চীনা সৈন্যৰে সংঘৰ্ষ হয় ভাৰতীয় সেনাৰ ৷এই সংঘৰ্ষত ২০ জনকৈ ভাৰতীয় সেনা নিহত হোৱাৰ বিপৰীতে ৪০ জন চীনা সৈন্য মৃত্যু হয় ৷

আনহাতে আঘাতপ্ৰাপ্ত হয় বহুজন ৷ এই ঘটনাৰ পিছতে দুয়ো দেশৰ কুটনৈতিক সমন্ধত ফাঁট মেলে ৷

Exit mobile version