Surrender Ceremony In Hailakandi :
হাইলাকান্দিত আজি আত্মসমৰ্পণ কৰে ১১৭৯ ব্ৰু উগ্ৰপন্থীয়ে। অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু মন্ত্ৰী পিযুষ হাজৰিকাৰ সম্মুখত আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহে ব্ৰু উগ্ৰপন্থীসকল।
মিজোৰাম সীমান্তৰ পৰা প্ৰায় ২৮ কিলোমিটাৰ দূৰৰ কাটলিচেৰাত অনুষ্ঠিত এক অনুষ্ঠানত এই ব্ৰু উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি অহা সংগঠন কেইটা হ’ল বৰাক উপত্যকাৰ ইউনাইটেড ডেম’ক্ৰেটিক লিবাৰেশ্যন ফ্ৰণ্ট অৱ বৰাক ভেলী (ইউডিএলএফবিভি) আৰু ব্ৰু ৰিভল্যুচনেৰী আৰ্মি অৱ ইউনিয়ন (বিএলএউ)ৰ সদস্যসকলে ৷
উল্লেখ্য যে, ইউনাইটেড ডেম’ক্ৰেটিক লিবাৰেশ্যন ফ্ৰণ্ট অৱ বৰাক ভেলী (ইউডিএলএফবিভি) আৰু ব্ৰু ৰিভল্যুচনেৰী আৰ্মি অৱ ইউনিয়ন (বিএলএউ)ৰ সদস্যসকলে ৩৩৫ টা ৰাইফল আৰু ৩৮২ ৰাউণ্ড সক্ৰিয় গুলী ইতিপূৰ্বে জমা কৰিছিল অসম আৰক্ষীৰ ওচৰত ।
আজি আত্মসমৰ্পণ অনুষ্ঠানত বিদ্ৰোহী সংগঠন কেইটাৰ কেদাৰ সকলে বৰাক উপত্যকাৰ তিনি জিলা ক্ৰমে হাইলাকান্দি,
কৰিমগঞ্জ আৰু কাছাৰ জিলাৰ আৰক্ষী অধীক্ষকক প্ৰদৰ্শন কৰে অস্ত্ৰ-শস্ত্ৰ সমূহ ৷
স্মতৰ্ৱ্য যে কেন্দ্ৰীয় চৰকাৰ,মিজোৰাম আৰু ত্ৰিপুৰা চৰকাৰ আৰু এম বি ডি পি এফৰে এক বৈঠক ২০১৮ চনত অনুষ্ঠিত হৈছিল নতুন দিল্লীত ৷ এই বৈঠকতে পৰিয়ালক প্ৰত্যাৱৰ্তন সন্দৰ্ভত এক চুক্তি সাক্ষৰিত হৈছিল ৷
উল্লেখযোগ্য দুই বিদ্ৰোহী সংগঠনে ৯০ দশকত মিজোৰাম-অসম সীমান্তৱৰ্তী অঞ্চলৰ লগতে বৰাকৰ হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত ধনদাবী,অপহৰণ আদি কুটাঘাতমূলক কাৰ্যৰ সৈতে জড়িত আছিল ৷