Women Home guard : সৰিয়হ ডুলিতে ভূত !

মহিলা গৃহৰক্ষী জোৱানৰ ঘৰত আৰক্ষীৰ অভিযান, ড্ৰাগছসহ নগদ ধন উদ্ধাৰ

WhatsApp Image 2022 12 12 at 14.50.01

Women Home guard :

সৰিয়হ ডুলিতে ভূত ৷ এই আপ্তবাক্যশাৰী প্ৰৰ্যোয্য হ’ল এগৰাকী মহিলা গৃহৰক্ষীৰ ক্ষেত্ৰত ৷

বৰপেটাত গৃহৰক্ষী বাহিনীৰ মহিলা জোৱানৰ ঘৰৰ পৰা জব্দ হ’ল প্ৰায় ৩৫ গ্ৰাম ব্ৰাউন ছুগাৰ

গৃহৰক্ষী জোৱান মীৰা দাসৰ বৰপেটাৰ কৰেৰতলৰ নিজ বাসগৃহত বৰপেটা আৰক্ষীয়ে গোপন সূত্ৰৰ খবৰ ভিত্তিত অৰ্তকিতে অভিযান চলাই জব্দ কৰে এই বৃহৎ পৰিমাণৰ ড্ৰাগছখিনি।

আৰক্ষীয়ে নিষিদ্ধ ড্ৰাগছৰ উপৰিও জব্দ কৰে নগদ ধন প্ৰায় ৭০ হেজাৰ টকা ৷

আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ অভিযোগত গৃহৰক্ষী মীৰা দাস,তেওঁৰ বোৱাৰী হিমাশ্ৰী দাস আৰু হিমাংশু দাস নামৰ আন এজন যুৱকক আটক কৰিছে আৰক্ষীয়ে ।

উল্লেখ্য যে ধৃত মীৰা দাস বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰক্ষী চকীত নিয়োজিত হৈ আছিল। এই ড্ৰাগছ সৰবৰাহৰ স’তে মীৰা দাসৰ পুত্ৰ জড়িত থকাৰ তথ্য ইতিমধ্যে আৰক্ষীৰ হাতত পৰিছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ ৷

আৰক্ষীৰ অভিযানৰ পিছৰে পৰা পলাতক হৈ আছে গৃহৰক্ষী মীৰা দাসৰ পুত্ৰ ৷

ইপিনে বৰপেটা আৰক্ষীয়ে আটকাধীন তিনিওকে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷

Exit mobile version