AKRSU : অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ বিশাল জোৰ সমদল 

 কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতি কৰণৰ দাবীত তামাৰহাটত প্ৰতিবাদী জোৰ সমদল 

WhatsApp Image 2022 12 13 at 19.16.39

AKRSU :

অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ দীৰ্ঘদিনীয়া দাবী জনজাতি কৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য গঠনৰ ক্ষেত্ৰত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে প্ৰতাৰণা কৰাৰ প্ৰতিবাদত আজি ধুবুৰী জিলাৰ তামাৰহাটত বিশাল প্ৰতিবাদী জোৰ সমদল উলিওৱা হয়।

তামাৰহাট, ডিঙডিঙা, কামানডাংগা, কুমাৰগঞ্জ আঞ্চলিক আক্ৰাসুৰ উদ্যোগত কে’বা শতাধিক পুৰুষ মহিলা এই সমদলত অংশ গ্ৰহণ কৰে।

হাতীধুৰা ছহীদ বেদীৰ পৰা উলিওৱা সমদল ডি, কে গৰকাপ্তানী পথেৰে তামাৰহাট হৈ কুমাৰগঞ্জ আঞ্চলিক আক্ৰাছুৰ কাৰ্যালয়ত গৈ সামৰণি মাৰে। অবিভক্ত গোৱালপাৰা জিলা আক্ৰাছুৰ উক্ত আঞ্চলিক সমিতিৰ লগতে মহিলা সমিতি সমূহে এই কাৰ্যসূচী ৰূপায়ন কৰি চৰকাৰক সকীয়াই দিয়ে ।

জনজাতিকৰণৰ ক্ষেত্ৰত কেন্দ্ৰ তথা ৰাজ্য চৰকাৰে বিলম্ব নকৰি শীঘ্ৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ জ্বলন্ত সমস্যা সমূহ সমাধান কৰিবলৈ দাবী জনায় অবিভক্ত গোৱালপাৰা জিলা সমিতিৰ সভাপতি নিমাই ৰায়ে ।

যদি চৰকাৰে কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতি কৰণৰ কাম নকৰি লোক সভা নিৰ্বাচনত ভোট বেংক হিচাপে ব্যৱহাৰ কৰিব বিচাৰে তেন্তে সমগ্ৰ অসমত তীব্ৰ আন্দোলন কাৰ্যসূচী ৰূপায়ন কৰিব বুলি কেন্দ্ৰীয় সভাপতি নিমাই ৰায় সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ।

Exit mobile version