Brahmaputra-Disang Festival:
শিৱসাগৰৰ দিচাংমুখত ২৬ ডিচেম্বৰৰ পৰা চাৰি দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ঐতিহ্যমণ্ডিত ‘ব্ৰহ্মপুত্ৰ দিচাং মহোৎসৱ ২২’।
ADVERTISEMENT
মহোৎসৱৰ মহাআয়োজনৰ প্ৰতি লক্ষ্য ৰাখি স্থানীয় ৰাইজৰ উদ্যোগত মঙলবাৰে ব্ৰহ্মপুত্ৰ আৰু দিচাং নদীৰ বনভোজস্থলীৰ দিচাংমুখৰ বালিচৰত স্থাপন কৰা হয় লাইখুঁটা ।
সমাজকৰ্মী পোনাৰাম মিলিয়ে মাংগলিক কাৰ্যৰে মাজেৰে লাইখুঁটা স্থাপন কৰে।
উল্লেখ্য যে ঐতিহাসিক ব্ৰহ্মপুত্ৰ দিচাং মহোৎসৱলৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জনগোষ্ঠীয় পৰম্পৰাগত সাজ -পাৰ, থলুৱা খাদ্যসম্ভাৰৰ দোকান- পোহাৰে অংশ ল’ব ।
আনহাতে মহোৎসৱৰ চাৰিওটা দিনতে পৰম্পৰাগত খেল-ধেমালি আৰু বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান
অনুস্থিত হ’ব বুলি সদৰি কৰে মহোৎসৱ উদযাপন কমিটিয়ে ৷