Cabinet Meeting in Jorhat : ১৫ ডিচেম্বৰত যোৰহাটত অনুষ্ঠিত হ’ব ৰাজ্যিক কেবিনেট

ব্যাপক প্ৰস্তুতি জিলা প্ৰশাসনৰ, অস্থায়ী হেলিপেড নিৰ্মাণ

67085462 691368491336173 1721519584835534848 o

Cabinet Meeting in Jorhat :

অহা বৃহস্পতিবাৰে যোৰহাটত অনুস্থিত হ’ব অসম চৰকাৰৰ ৰাজ্যিক কেবিনেট । কেবিনেট বৈঠকৰ প্ৰতি লক্ষ্যৰাখি জিলা প্ৰশাসনে যুদ্ধকালীন তৎপৰতাৰে সজাই – পৰাই তুলিছে যোৰহাট চহৰ খন ৷

উল্লেখ্য যে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ বাবে ৮৩৭ কোটি ব্যয় সাপেক্ষে ১৬ টা অভিলাষী প্ৰকল্প আৰম্ভ কৰিব ৷ একেদৰে মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহস্পতিবাৰে পুৱা হোলোঙাপাৰস্থিত লাচিত মৈদামৰ লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্পৰ ভূমি পূৰ্জন কৰাৰ কথা ৷

স্মতৰ্ৱ্য যে ইতিমধ্যে জিলা প্ৰশাসনে আৱন্টন দিয়া ৪৮ বিঘা ২কঠা ১৭ লোচা মাটিত ১৫৯ কোটি টকা ব্যয় সাপেক্ষে লাচিত বৰফুকন স্মাৰক আৰু সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে ৷ আনহাতে এই প্ৰকল্পৰ অধীনতে ১২৫ ফুট উচ্চতাৰ জাতীয় বীৰ গৰাকীৰ ব্ৰঞ্জৰ মুৰ্তি নিৰ্মাণ কৰি প্ৰকল্পস্থলীতে স্থাপন কৰিব ৷

হেলিকপ্টাৰৰে অৱতৰণ কৰিবলগীয়া মুখ্যমন্ত্ৰীৰ আগমণৰ বাবে জিলা প্ৰশাসনে অস্থায়ীভাৱে নিৰ্মাণ কৰিছে হেলিপেড ৷

লোক নিৰ্মাণ আৰু পৌৰসভাই যোৰহাট চহৰৰ জৰাজীৰ্ণ পথসমূহ ক্ষীপ্ৰতাৰে নিৰ্মাণ কৰিছে ৷

উল্লেখযোগ্য ৰাজ্যৰ কেবিনেট মন্ত্ৰী সকল বুধবাৰেই উপস্থিত হ’ব যোৰহাটত ৷

Exit mobile version