Garlic : নিমিষতেই নহৰুৰ বাকলি গুচাব পাৰিব , জানক এইকেইটা মেজিকেল টিপছ –

images 5

Garlic :

খাদ্যৰ স্বাদ বঢ়োৱাৰ ক্ষেত্ৰত নহৰুৰ আছে অপৰিসীম ক্ষমতা । কিন্তু নহৰুৰ বাকলি গুচাবলৈ সততে মানুহে আমনি পায় ।

আচলতে নহৰুৰ বাকলি গুচাবলৈ বহুত সময়ৰ প্ৰয়োজন হয় ।

সেয়েহে আজি নহৰুৰ বাকলি সহজে গুচোৱাৰ কেইটামান সহজ উপায়ৰ কথা উল্লেখ কৰিম ।

১/ এটা পাত্ৰত গৰম পানী লৈ নহৰুখিনি তাতে দি দিব লাগে । অলপ সময়ৰ পিছত নহুৰু কেইফুটা উঠাই সামন্য চাপ দিলেই সহজেই সকলো বাকলি এৰাই আহিব ।

২/ গুচাবলগীয়া নহৰু কেইফুটা শুকানে এখন কেৰাহীত গৰম কৰি ললেও সহজেই বাকলিখিনি এৰাই আহিব ।

৩/ গুচাবলগীয়া নহৰু কেইফুটা অলপ সময় মাইক্ৰ অভেনত গৰম কৰি ললেও বাকলিখিনি সহজে এৰাই আহিব ।

৪/ ঠাণ্ডা পানীত নহৰু ডুবাই ৰাখিলেও সহজে বাকলি এৰাব পাৰি ।

বি: দ্ৰ: এই প্ৰতিবেদনটি সাধাৰণ তথ্যৰ ওপৰত আধাৰিত । বাস্তৱিক জ্ঞানৰ বাবে বিশেষজ্ঞৰ পৰামৰ্শ ল’ব ।

Exit mobile version