Jodhpur Gas Cylinder Blast : ৰাজস্থানত শোকাৱহ ঘটনা

বিবাহবাহৰত চিলিণ্ডাৰ বিস্ফোৰণ হৈ দৰাৰ পিতৃ-মাতৃসহ ১৮ জনৰ মৃত্যু, প্ৰাণ হেৰুওৱাৰ ভিতৰত ৯টা শিশু

WhatsApp Image 2022 12 13 at 15.13.25

Jodhpur Gas Cylinder Blast :

ৰাজস্থানৰ বিবাহবাহৰত ভয়ংকৰ ঘটনা ৷ ৰন্ধন গেছৰ চিলিণ্ডাৰ বিস্ফোৰণত নিহত হয় দৰাৰ পিতৃ-মাতৃ সহ ১৮ জনকৈ লোক ৷
প্ৰাপ্ত খবৰ অনুসৰি বৃহস্পতিবাৰে যোধপুৰত অনুষ্ঠিত হোৱা বিবাহ এখনৰ ৰন্ধনশালাত হঠাতে চিলিণ্ডাৰ বিস্ফোৰণ হয় ৷ ইয়াৰ পিছতে বিবাহবাহৰ ভগ্নাৱশেষত পৰিণত হয় ৷য’তে ত’তে সিচৰিত হৈ পৰে বয়বস্তু ৷ আনহাতে আহত সকলৰ চিৎকাৰে এক কৰুণ পৰিবেশৰ সৃষ্টি হয় ৷

থিতাতে নিহত হয় এজন লোক৷ গুৰুত্বৰভাৱে আহত সকলক যোধপুৰ মহাত্মা গান্ধী চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷সোমবাৰে চিকিৎসাধীন অৱস্থাতে দৰাৰ পিতৃ- মাতৃ, নটি শিশু আৰু আঠগৰাকী মহিলা আৰু এগৰাকী পুৰুষে শেষ নিশ্বাস ত্যাগ কৰে ৷

এতিয়া চিকিৎসাধীন হৈ আছে ৩৬ জন লোক ৷ ইয়াৰে ১৭ জনৰ অৱস্থা এতিয়াও সংকটজনক বুলি চিকিৎসালয় সূত্ৰত প্ৰকাশ ৷

বৰ্তমানেও আইচিইউত জীৱন আৰু মৃত্যুৰে যুদ্ধ দি থকা বহু কেইগৰাকীৰ শৰীৰ ৩০ শতাংশ পৰ্যন্ত অগ্নিদ্বগ্ধ হৈ সংকটজনক অৱস্থাত।

এই কৰুণ ঘটনাই মৰ্মাহত কৰিছে যোধপুৰবাসীক ৷ ইতিমধ্যে ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটে শোকাৱহ ঘটনাক গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে৷ মুখ্যমন্ত্ৰী গৰাকীয়ে ঘটনাৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে ষোধপুৰ প্ৰশাসনক ৷

Exit mobile version