Maligaon : মহানগৰীৰ মালিগাঁৱত অঘটন

নিৰ্মিয়মান উৰণীয়া সেঁতুৰ দুই খুটাৰ তলত সোমাল দ্ৰুতবেগী ট্ৰাক

WhatsApp Image 2022 12 13 at 13.41.56

Maligaon :

মহানগৰীৰ মালিগাঁওত অঘটন ৷ মঙলবাৰে পুৱতি নিশা তীব্ৰবেগী ট্ৰাক এখন নিয়ন্ত্ৰণ হেৰুৱাই সোমাই পৰে মালিগাঁওৰ নিৰ্মিয়মান উৰণীয়া সেঁতুৰ খুটাৰ তলত ৷

উল্লেখ্য যে এ এছ ১৩এ০১০৫ নম্বৰৰ দাইলৰ বস্তা কঢ়িয়াই অনা ট্ৰাকখনে অনাধিকাৰ প্ৰৱেশ কৰে সেঁতু নিৰ্মাণৰ বেৰিকেডৰ ভিতৰত৷পিছত বেৰিকেড ভাঙি বলপূৰ্ব্বক খুটাৰ তলৰে পাৰ হ’বলৈ চেষ্টা কৰোতেই দুই খুটাৰ মাজত আবদ্ধ হৈ পৰে ট্ৰাকখন ৷ ঘটনা সংঘটিত কৰা পিছতেই পলায়ন কৰে ট্ৰাক চালকজন ৷

পিছত ঘটনাস্থলীত জালুকবাৰী আৰক্ষী থানাৰ যান বাহন আৰক্ষী উপস্থিত হৈ বহু চেষ্টাৰ অন্তত ট্ৰাকখন খুটাৰ মাজৰ পৰা উলিয়াই আনিবলৈ সক্ষম হয় ৷

আৰক্ষীয়ে ট্ৰাকখন জালুকবাৰী থানালৈ লৈ যায় ৷

Exit mobile version