Onion Oil : কি ছটা কাৰণত আপুনি পিয়াজৰ তেল ব্যৱহাৰ কৰিব ? জানিবলৈ পঢ়ক—

Onion Oil :

শীতৰ আগমণৰ লগে লগে চুলিৰ না-না সমস্যাই দেখা দিয়ে । চুলি সৰা , চুলি চিঙা আদি সমস্যাই চিন্তিত কৰি তোলে আমাক ।

এই সমস্যা দূৰ কৰিবলৈ পিয়াজৰ তেল হ’ল আটাইতকৈ উৎকৃষ্ট উপাদান । শীতকালৰ সমান্তৰালকৈ চুলিৰ যত্ন ল’বলৈ আমি পিয়াজৰ তেল ব্যৱহাৰ কৰিব পাৰো ।

সেয়েহে আজি আমি পঢ়ুৱৈসকলক পিয়াজৰ তেলৰ ছটা উপকাৰী গুণৰ সম্পৰ্কে জ্ঞাত কৰিম ।

১/ নতুন চুলি গজাবলৈ ঘৰুৱা উপাদানৰ ভিতৰত আটাইতকৈ উত্তম হৈছে পিয়াজৰ তেল । সমান্তৰালকৈ ই চুলি সৰাও ৰোধ কৰে ।

২/ চুলিৰ অকালপক্কতা ৰোধ কৰাতো পিয়াজৰ তেলে ভাল কাম কৰে । এই তেলত থকা এনজাইমে চুলিৰ যিকোনো ধৰণৰ ক্ষতি ৰোধ কৰে ।

৩/ পিয়াজৰ তেলে প্ৰোটিন উৎপাদন বৃদ্ধি কৰি চুলি চিঙা ৰোধ কৰে ।

৪/ পিয়াজৰ তেল চুলিৰ গুৰিত লগাই ভালকৈ মালিচ কৰি ২০ মিনিট সময় ৰাখি চেম্প্যু কৰি ধুই দিব লাগে । ইয়াৰফলত চুলিৰ গুৰিত হোৱা খজুৱতিৰ দৰে ৰোগ ৰোধ হয় ।

৫/ পিয়াজৰ তেলে মূৰৰ ছালৰ পিএইচ মাত্ৰা ঠিক কৰি ৰাখে ।

৬/ পিয়াজৰ তেলে প্ৰাকৃতিক কণ্ডিশ্যনাৰৰ কাম কৰি মূৰৰ ছাল প্ৰাকৃতিকভাৱে ডিহাইড্ৰেট কৰে । ফলত চুলি মসৃণ হোৱাৰ লগতে উজ্জ্বল হৈ পৰে

Exit mobile version