Raja Pateria : প্ৰধানমন্ত্ৰী মোদীক হত্যাৰ ভাবুকি দি গ্রেপ্তাৰ মধ্যপ্রদেশৰ কংগ্রেছ নেতা

raja pateria 96186186

Raja Pateria :

সংবিধান ৰক্ষা কৰিবলৈ হ’লে মোদীক হত্যা কৰিবলৈ প্রস্তুত হ‌ওক । প্রধানমন্ত্রী সম্পর্কে এনে ধৰণৰ বিতর্কিত মন্তব্য কৰাৰ অভিযোগত গ্রেপ্তাৰ কৰা হ’ল মধ্যপ্রদেশৰ কংগ্রেছ নেতা ৰাজা পাটেৰিয়াক

কংগ্রেছ নেতাগৰাকীৰ এটা ভিডিঅ’ সোমবাৰে ভাইৰেল হৈছে । ভিডিঅ’টোত দলীয় কর্মীসকলক উদ্দেশ্যি তেওঁক কৈ থকা শুনিবলৈ পোৱা যায়, “মোদীয়ে নির্বাচন শেষ কৰি দিব । জাত-পাত, ভাষা আৰু ধর্মৰ ভিত্তিত ভেদাভেদ সৃষ্টি কৰিব মোদীয়ে । দলিত, উপজাতি আৰু সংখ্যালঘুসকলৰ জীৱন বিপন্ন । যদি সংবিধান ৰক্ষা কৰিব বিচাৰে তেন্তে, মোদীক হত্যা কৰিবলৈ প্রস্তুত হ‌ওক ।”

পাটেৰিয়াৰ এই মন্তব্য পোহৰলৈ অহাৰ পাছতেই ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি হয় । যদিও ভিডিঅ’টোৰ সত্যতা পৰীক্ষা কৰা নাই “দৈনিক অগ্ৰদূত”এ ।

কংগ্রেছ নেতাৰ এই মন্তব্য প্রকাশ্যত অহাৰ পাছতেই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ নির্দেশ দিয়ে মধ্যপ্রদেশ চৰকাৰে । সোমবাৰে সন্ধিয়া পান্নাৰ পাৱাই থানাত পাটেৰিয়াৰ বিৰুদ্ধে অভিযোগ দাখিল হয় । ইয়াৰ পাছতেই কংগ্রেছ নেতাজনক তেওঁৰ বাসগৃহৰ পৰা গ্রেপ্তাৰ কৰে আৰক্ষীয়ে ।

কংগ্রেছ নেতাৰ এই মন্তব্যক চৰম গৰিহণা দিছে মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে । তেওঁ এক বিবৃতি জাৰি কৰি কয়, “প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ স’তে প্রতিযোগিতা কৰিব পৰা নাই কংগ্রেছে । সেয়ে তেওঁলোকৰ নেতাসকলে এই ধৰণৰ কথা কৈছে । কংগ্রেছৰ প্ৰকৃত ৰূপ প্রকাশ্যত আহিছে । আইনি পথেৰেই এই ঘটনাৰ পদক্ষেপ লোৱা হ’ব ।”

পাটেৰিয়াৰ এই মন্তব্যক গৰিহণা দিছে ৰাজ্যিক কংগ্রেছ নেতা পৱন খেৰায়ো । তেওঁ কয়, “অত্যন্ত নিন্দনীয় । প্রধানমন্ত্রীৰ বিৰুদ্ধে এই ধৰণৰ ভাষা ব্যৱহাৰ কাম্য নহয় ।”

Exit mobile version