Assam CM launches Orunodoi 2.0 virtually : নতুন দিল্লীত ভাৰ্চুৱেলি অৰুনোদয় ২.০ মুকলি মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ

7ad6473b 9dca 4597 9b4e d3c559764648

Assam CM launches Orunodoi 2.0 virtually :

ৰাজ্যখনৰ উন্নয়নৰ নৱজাগৰণ যাত্ৰাৰ পৰিৱৰ্তনশীল কাৰ্যসূচীৰ দ্বাৰা মহিলাসকলক অৰ্থনৈতিক আৰু পুষ্টিকৰ সুৰক্ষা প্ৰদানৰ প্ৰতিশ্ৰুতিৰে আজি দিল্লীৰ পৰা ভাৰ্চুৱেলি অৰুনোদয় ২.০ মুকলি কৰে মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাই৷

এই আঁচনিৰ অধীনত ৰাজ্যখনৰ ১০.৫০ লাখ নতুন হিতাধিকাৰীয়ে আৰ্তজনক চৰকাৰী সহায়ৰ অংশ হিচাপে আৰ্থিক সাহায্য লাভ কৰিব ৷

দিল্লীৰ অসম ভৱনৰ কনফাৰেন্স হলৰ পৰা বুধবাৰে ভাৰ্চুৱেলি অৰুনোদয় ২.০ মুকলি কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে কয়,প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰত্যক্ষ লাভালাভ স্থানান্তৰৰ (ডিবিটি) দৃষ্টিভংগীক বাস্তৱলৈ পৰিৱৰ্তন কৰি বহু প্ৰতীক্ষিত আঁচনিখন মুকলি কৰা হয় ৷

ৰাজ্য চৰকাৰে ৰাজ্যজুৰি লাখ লাখ আৰ্থিকভাৱে দুৰ্বল পৰিয়ালক অৰ্থনৈতিক আৰু পুষ্টিগত সুৰক্ষা প্ৰদান কৰি আহিছে৷ ২০২০-২০২১ বৰ্ষৰ অসম বাজেটত অষ্টদশ মুকুতাৰ উন্নয়নীমালাৰ মাজত অৰুনোদয় আঁচনিক আটাইতকৈ গুৰুত্বপূৰ্ণ মণি হিচাপে বৰ্ণনা কৰা হৈছে ৷

মুখ্যমন্ত্ৰীয়ে আৰু কয় যে ৰাজ্যখনৰ আৰ্থিকভাৱে দুৰ্বল আৰু সুবিধাবঞ্চিত পৰিয়ালসমূহৰ লাভ নিশ্চিত কৰিবলৈ অৰুনোদয় বৃহত্তৰ সংস্কৰণ আৰম্ভ কৰা হৈছে।

মুঠ ১০.৫৪ লাখ নতুন হিতাধিকাৰীক অৰুনোদয় ২.০ ৰ বৃহত্তৰ সংস্কৰণৰ অধীনত নতুনকৈ যোগ দিয়া হৈছে। নতুন অন্তৰ্ভুক্তিৰ সৈতে ৰাজ্যখনত মুঠ হিতাধিকাৰীৰ সংখ্যা হ’ব প্ৰায় ২৭ লাখ।

অৰুনোদয়ৰ বাবে মুঠ ব্যয় হৈছে বছৰি৪,১৪২ কোটি টকা ৷ যাৰ ফলত ই দেশৰ সৰ্ববৃহৎ প্ৰত্যক্ষ হিতাধিকাৰী স্থানান্তৰ (ডিবিটি) আঁচনিৰ ভিতৰত এটা হৈ পৰিব ৷

অৰুনোদয়ৰ অধীনত ইন্দিৰা মিৰি বিধবা পেঞ্চন আঁচনিৰ হিতাধিকাৰীসকলকো অন্তভুৰ্ক্ত কৰাৰ লগতে দীনদয়াল দিব্যাংগ পেঞ্চন আঁচনিৰ হিতাধিকাৰীসকলকো সামৰি সকলোকে প্ৰতি মাহে ১২০০ টকা লাভ কৰিব।

মুখ্যমন্ত্ৰীয়ে অৰুনোদয় ২.০ মুকলি কৰি জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিৰ সদস্যসকলৰ স’তে ভাৰ্চুৱেলি বাৰ্তালাপ কৰে আৰু আঁচনিখনৰ মসৃণ আৰু অসুবিধামুক্ত ৰূপায়ণ নিশ্চিত কৰিবলৈ আহ্বান জনায়।

হিতাধিকাৰীসকলৰ চূড়ান্তকৰণৰ বাবে ডিএলএমচি বৈঠক অহাবৰ্ষৰ জানুৱাৰী মাহৰ ১ৰ পৰা ১৫ ৰ ভিতৰত অনুষ্ঠিত হ’ব বুলি সদৰি কৰে ৷ আনহাতে নিৰ্বাচিত হিতাধিকাৰীসকলৰ মাজত ২০ জানুৱাৰীত বিতৰণ কৰা হ’ব আবেদন পত্ৰ । একেদৰে পৰ্টেলত আবেদন পত্ৰ সংগ্ৰহ আৰু আপলোড ২৮ ফেব্ৰুৱাৰীত সম্পূৰ্ণ কৰা হ’ব।

উল্লেখ্য যে ইয়াৰ পূৰ্বে বিত্ত বিভাগ আৰু মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব সমীৰ সিনহাই আদৰণি ভাষণ প্ৰদান কৰাৰ বিপৰীতে বিত্ত বিভাগৰ আয়ুক্ত- সচিব জয়ন্ত নাৰ্লিকাৰ আৰু নতুন দিল্লীৰ অসম ভৱনৰ আৱাসিক আয়ুক্ত ৰাজীৱ চন্দ্ৰ যোশীৰ অৰুনোদয়ৰ ওপৰত এক ক্ষতিয়াণ দাঙি কয়, মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাসৰি যিসকলক এতিয়া বিত্তীয় অনুদানৰ প্ৰয়োজন নাই তেওঁলোকক বাদ দি আৰু ৰাজনৈতিক মতাদৰ্শ নিৰ্বিশেষে আনসকলক অন্তৰ্ভুক্ত কৰি অৰুনোদয় হিতাধিকাৰীৰ তালিকাসংশোধন কৰা হৈছে।

বিষয়াত্ৰয়ে আৰু কয় যে,এই বছৰৰ ২০ আগষ্টৰ পৰা অৰুনোদয় মাহ অনুষ্ঠিত কৰা হৈছিল য’ত অৰুনোদয় হিতাধিকাৰীসকলৰ ঘৰে ঘৰে জৰীপ কৰা হৈছিল যাৰ ফলত প্ৰমাণীকৰণৰ এক প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছিল যাৰ ফলত অৰুনোদয় ডাটাবেচ বিশুদ্ধ আৰু বৃদ্ধি কৰা হৈছিল।”

যোৱা ২০ অক্টোবৰৰএক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰি মুখ্যমন্ত্ৰীয়ে জিলা পৰ্যায়ৰ নিৰীক্ষণ সমিতিসমূহক ১০ দিনৰ ভিতৰত হিতাধিকাৰীসকলৰ এখন নতুন তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়ে। মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ দ্বাৰা জৰীপৰ আধাৰত তালিকাখন সংশোধন কৰা হৈছিল।

আনহাতে যোগ্য লোকসকলক অন্তৰ্ভুক্ত কৰা বা অযোগ্য লোকসকলক বাদ দিয়াৰ বাবে সঠিক কাৰণ উল্লেখ কৰিব লাগে বুলি উল্লেখ কৰে৷

Exit mobile version