Bihar : বিহাৰত পুনৰ সুৰা ট্ৰেজেডী !

বিষাক্ত সুৰা সেৱন কৰি ১২ জনৰ মৃত্যু,চিকিৎসাধীন বহুজন

b0887739 507c 47f6 9964 26d1f586988b

Bihar :

নিতীশ কুমাৰ নেতৃত্বাধীন চৰকাৰে বিহাৰত সুৰা নিষিদ্ধ ঘোষণা কৰাৰ পিছতে ৰাজ্যখনৰ চুকে-কোণে গোপনে দেশীয় সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলি থকাৰ অভিযোগ বিৰোধী দল সমূহে উদ্থাপন কৰাৰ মাজতে ছাপৰাত সংঘটিত হয় সুৰা ট্ৰেজেডী ৷

বিগত ২৪ ঘন্টাত জিলাখনত সন্দেহজনক অৱস্থাত মৃত্যু হয় ১২জনকৈ লোকৰ ৷ বিষাক্ত সুৰা সেৱনৰ ফলতেই লোক কেইজনৰ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে। মৃতকৰ অধিকাংশই ছাপৰা জিলাৰ ইছুৱাপুৰ,আমনোৰ আৰু মছৰাকৰ৷ আনহাতে আন কেইবাজনো অসুস্থ হৈ চিকিৎসালয়ত ভৰ্তি হৈ আছে৷

প্ৰাপ্ত খৱৰ অনুসৰি মঙলবাৰে নিশা ছাপৰাৰ ইছুৱাপুৰ আৰু মছৰাকৰ সীমান্তৱৰ্তী দয়লাগাঁৱত কে’বাজনো লোক হঠাতে গুৰুত্বৰভাৱে অসুস্থ হৈ পৰে ৷

নিশাই সাতজনকৈ লোকে কৰুন মৃত্যুক সাবটি লয় ৷ আনহাতে এই গাওঁ কেইখনৰ চুবুৰীয়া অঞ্চল আমনোৰৰ হুছেপুৰতো চাৰিজন আৰু মাধৌৰাৰ লাল তোলাত আন এজন ব্যক্তিৰ মৃত্যু হয় ৷

মুঠ ১২ জনকৈ লোক মৃত্যু হোৱাৰ পিছতে স্বাস্থ্য বিভাগৰ লোক উপস্থিত হৈ চৰজমিন তদন্ত আৰম্ভ কৰিছে যদিও প্ৰকৃত ঘটনা সদৰি কৰাৰ পৰা বিৰত আছে ৷ উল্লেখ্য যে যোৱা সপ্তাহতো বিহাৰৰ বৈশালী জিলাৰ মাহনাৰতো তিনিজন লোক বিশাক্ত সুৰা সেৱনৰ ফলত মৃত্যু হৈছিল ৷

সুৰা নিষিদ্ধ ৰাজ্য হিচাপে ঘোষণা কৰাৰ পিছতো বিহাৰত পুনৰ বিশাক্ত সুৰা সেৱনৰ ফলত ১৫ জনকৈ লোকৰ মৃত্যুৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ ৰাজ্য খনৰ বিৰোধী বিজেপি সহ আন দলবোৰে এইয়া নিতীশ চৰকাৰৰ চৰম ব্যৰ্থতা বুলি কৈ তীব্ৰ সমালোচনাৰে থকাসৰকা কৰিছে ৷

Exit mobile version