Bilasipara : মানুহ মাৰি ফেচবুকত বন্য উল্লাস কৰা ‘গেং অৱ ডেভিল’ৰ চাৰিজনক আটক

বিলাসীপাৰা থানাৰ অ'চি সঞ্জীৱ দাসক বদলি

7793f7ef 8bf4 4668 bf7b db6cb18d0fdb

Bilasipara :

বিলাসীপাৰাৰ ‘গেং অব ডেভিলছ’ৰ দুই যুৱকক অৱশেষত ধুবুৰী আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন দুই যুৱক এগৰাকী বৃদ্ধা মহিলাক খুন্দিয়াই মাৰি পিছত ফেচবুকত লাইভ কৰি দুৰ্ঘটনাটো সংঘটিত কৰাৰ সকলো কথা বিৱৰি বন্য উল্লাস কৰিছিল আন তিনিযুৱকৰ স’তে ৷ ইতিমধ্যে এই কথা টুইটযোগে সদৰি কৰে অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান জি পি সিঙে ৷

বিলাসীপাৰাৰ ‘গেং অব ডেভিলছ’ৰ দুই বাইকাৰ্চ ক্ৰমে মিনহাজুল কৰিম ওৰফে ৰোহন আৰু নুৰ নবী ওৰফে আখিৰুল আৰু ছহিদুল ইছলামক অসম- বংগ সীমান্তৱৰ্তী হালাকুৰা, গৌৰীপুৰ, গোলকগঞ্জ আৰু গোৱালপাৰাৰ কৰে আৰক্ষীয়ে ৷

আটকাধীন আন এজনৰ নাম জানিব পৰা নাই ৷একেদৰে আন এজন পলাতক অৱস্থাত আছে ৷স্মতৰ্ৱ্য যে ১০ ডিচেম্বৰৰ সন্ধিয়া সন্ধিয়াভাগত বিলাসীপাৰাৰ সূৰ্য্যখাতাত উদণ্ড যুৱকৰ তীব্ৰ বেগী বাইকৰ খুন্দাত ৰাজপথত উফৰি পৰে এগৰাকী বৃদ্ধা৷

গুৰুত্বৰভাৱে আহত বৃদ্ধা গৰাকীক ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় বৃদ্ধা গৰাকীৰ ৷আৰক্ষীৰ দুৰ্ঘটনাটোত সংঘটিত পিছতে এএছ-১৭-এম১১০১নম্বৰৰ বাইক আৰোহী কেইজনক আৰক্ষীয়ে আটক কৰে যদিও কিছুসময়ৰ পিছতে মুকলি কৰি দিয়ে বিলাসীপাৰা আৰক্ষীয়ে ৷

ইয়াৰ পিচতে উদণ্ড যুৱকৰ দলটোৱে ফেচবুকত লাইভ কৰি নিজকে গেং অৱ ডেভিল বুলি পৰিচয় দি বন্য উল্লাস কৰিছিল ৷উল্লেখ্য যে এই ভিডিঅ ভাইৰেল হোৱাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷

গেং অৱ ডেভিলৰ পাঁচজনকে আটকৰ দাবী উদ্থাপন হয় ৰাজ্যৰ সৰ্বত্ৰে ৷আনকি ঘটনা সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে হস্তক্ষেপ কৰি শীৰ্ঘে আটকৰ নিৰ্দেশ দিয়ে ৷ আৰক্ষীৰ কঠোৰস্থিতিৰ পিছতে পাঁচ বাইকাৰ্চ আত্মগোপন কৰে ৷

আনহাতে দুৰ্ঘটনা সংঘটিত কৰা যুৱক কেইজনক দহমিনিটত এৰি দিয়াক লৈ বিলাসীপাৰাৰ অ’চি সঞ্জীৱ দাসৰ বিৰুদ্ধে সৰৱ হৈ পৰে বিভিন্ন দল সংগঠন ৷

মঙলবাৰে ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আৰক্ষী মহাপৰিদৰ্শক দিলীপ দেই কয়, এই সম্পৰ্কত মাৰাথন তদন্ত কৰা হৈছে ৷ আজি অ’চি সঞ্জীৱ দাসক তৎকালীনভাৱে কাৰ্যকৰী হোৱাকৈ বদলিৰ নিৰ্দেশ দিয়া হৈছে বুলি সদৰি কৰে ধুবুৰী আৰক্ষী অধীক্ষকে ৷

আনহাতে আজি কোনোলোকে ধৃত যুৱককেইজনৰ বাইক এখন বিলাসীপাৰা থানা চৌহদতে জ্বলাই দিয়ে ৷ বৰ্তমান পলাতক অৱস্থাত থকা গেং অৱ ডেভিলৰ যুৱকজনৰ সন্ধানত ধুবুৰী আৰক্ষীয়ে বংগ সীমান্তত তীব্ৰ অভিযান চলাইছে ৷

Exit mobile version