Botox : ‘বোটক্স’ কৰোৱাৰ কথা ভাবিছে ? তাৰ আগতে এই পদ্ধতিৰ বিষয়ে কিছু ভুল ধাৰণা ভাঙি ল‌ওক

download 4 1

Botox :

পৰিৱেশজনিত প্ৰদূষণ, শাৰীৰিক নানা অসুখ-বিসুখৰ ফলত ছালত যৌৱনৰ অভাৱ দেখা দিয়ে কম বয়সতেই । ঘৰুৱা উপায় অৱলম্বন কৰিও বহু সময়ত বলিৰেখাৰ দৰে সমস্যা দূৰ কৰিব পৰা নিযায় । সেয়ে কৃত্রিমভাৱে মুখৰ বলিৰেখা দূৰ কৰিবৰ বাবে অনেকেই ‘বোটক্স’ চিকিৎসা কৰায় ।

মুখৰ অবাঞ্ছিত দাগ, বলিৰেখা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় এই বোটক্স । তদুপৰি কাচৰ দৰে স্বচ্ছ ছাল পাবলৈও অনেকেই এই চিকিৎসা অৱলম্বন কৰে ।

মূলতঃ  হলিউড-বলিউডৰ তাৰকাসকলৰ মাজত এই পদ্ধতি জনপ্রিয় হোৱাৰ পাছতেইই সাধাৰণ মানুহৰো লাহে লাহে বোটক্স চিকিৎসাৰ প্ৰতি আগ্ৰহ বাঢ়িছে । কিন্তু এই ক্ষেত্ৰতো অনেকৰ মনত এই পদ্ধতিৰ বিষয়ে কিছু ভুল ধাৰণা আছে । সেয়ে কোনোৱে যদি বোটক্স কৰাব বিচাৰে, তাৰ পূৰ্বে কিছু কথা জানি লোৱা ভাল ।

ধাৰণা : ই ছালৰ বাবে ক্ষতিকাৰক

সত্য : নহয়, ই ছালৰ বাবে সম্পূর্ণ নিৰাপদ । বিশ্বৰ বিভিন্ন ঠাইত, বিগত ২০ বছৰ ধৰি এই চিকিৎসা পদ্ধতি অৱলম্বন কৰা হৈছে ।

ধাৰণা : এই চিকিৎসা পদ্ধতিত ছালৰ স্বাভাৱিক গঠন সলনি হৈ যায় । মুখমণ্ডলৰ উপৰিভাগ দেখাত কৃত্রিম যেন লাগে ।

সত্য : এয়া সম্পূর্ণ ভুল ধাৰণা । অৱশ্যে, চিকিৎসাৰ পাছত ছাল কেনে দেখিব, সেয়া চিকিৎসা পদ্ধতিৰ ওপৰত নির্ভৰ কৰে ।

ধাৰণা : প্রথমবাৰ বোটক্স কৰাৰ পাছত নিয়মিত এই চিকিৎসা পদ্ধতি ব্যৱহাৰ নকৰিলে ছাল পুনৰ আগৰ চেহেৰালৈ ঘূৰি আহে ।

সত্য : এই কথা সত্য যে এই চিকিৎসাৰ ফল সাময়িক । অন্তত তিনিৰ পৰা ছয় মাহ পর্যন্ত এই চিকিৎসাৰ ফল পোৱা যায় । অৱশ্যে, বিশেষজ্ঞসকলৰ পৰামর্শ আৰু আপোনাৰ ছালৰ ধৰণ অনুযায়ী যি ‘ছিটিং’ প্রয়োজন, পলম নকৰাকৈ সেইবোৰ কৰি লোৱাই শ্রেয় ।

‘বোটক্স’ কৰাবনে নাই ?

বোটক্স এটা সম্পূর্ণ ৰাসায়নিক নির্ভৰ চিকিৎসা । যিসকলৰ ছালত শেহতীয়াকৈ বলিৰেখা পৰিবলৈ লৈছে, তেওঁলোকৰ বাবে এই চিকিৎসা যথেষ্ট লাভদায়ক । এই চিকিৎসা সম্পূৰ্ণ নিৰাপদ ।

অৱশ্যে, কোনো যদি ভাবে এবাৰ এই পদ্ধতি অৱলম্বন কৰাৰ পাছত নিয়মিত এই চিকিৎসা নকৰে, সেই ক্ষেত্রত ছাল পুনৰ অৱস্থাত ঘূৰি আহিব ।

কোনসকলে ‘বোটক্স’ পদ্ধতি অৱলম্বন নকৰিব ?

১। যিসকলৰ ছাল এলার্জিপ্রৱণ, তেওঁলোকে এই চিকিৎসা কৰাৰ আগতে সকলো দিশ চালি-জাৰি চাই ল’ব ।

২। যিসকলৰ বিপাকহাৰ অধিক, তেওঁলোকৰ বাবে এই চিকিৎসা বিশেষ ফলপ্ৰসূ নহ’ব ।

৩। অন্তঃসত্ত্বা অৱস্থাত এই চিকিৎসা কৰা অনুচিত ।

পেশাগত চিকিৎসকৰ বাহিৰে অন্য কোনোৰ দ্বাৰা চিকিৎসা নকৰোৱাই ভাল । সেই ক্ষেত্রত মুখৰ গঠন সলনি হ’ব পাৰে । দেখাতো কৃত্রিম লাগে ।

Exit mobile version