BTS : চুলি কাটি দক্ষিণ কোৰিয়াৰ সেনা বাহিনীত যোগদান বিটিএছ খ্যাত জীনৰ

1670907095 jin

BTS :

দক্ষিণ কোৰিয়াৰ সেনা বাহিনীত যোগ দিলে বিটিএছ খ্যাত সংগীতশিল্পী জীনে। দেশখনৰ নিয়ম অনুসৰি, প্রত্যেক যুৱকে সামৰিক প্ৰশিক্ষণ গ্রহণ কৰিব লাগে।

ADVERTISEMENT

এই কাৰণতে আন্তর্জাতিক খ্যাতিসম্পন্ন পপ বেণ্ড বিটিএছৰ সদস্যসকলেও সেনা বাহিনীত নাম নথিভুক্ত কৰিব লাগিব।

বিটিএছৰ সবাতোকৈ জ্যেষ্ঠ সদস্য জীনে সর্বপ্রথমে সামৰিক প্রশিক্ষণ গ্ৰহণৰ সিদ্ধান্ত ল’লে।

যোৱা চাৰি ডিচেম্বৰত জীনে ৩০ সংখ্যক জন্মদিন পালন কৰিছিল আৰু কালি তেওঁ আনুষ্ঠানিকভাৱে দক্ষিণ কোৰিয়াৰ সেনা বাহিনীত যোগদান কৰিলে।

দীঘল চুলিৰে চিৰপৰিচিত পপ তাৰকাজনে সেনা বাহিনীত যোগদানৰ বাবে চুলি চুটিকৈ কটাবলগীয়া হ’ল।

জীনৰ পাছত পৰৱৰ্তী সময়ত বিটিএছৰ আন সদস্যকেইজনেও দক্ষিণ কোৰিয়াৰ সেনা বাহিনীত নিয়ম অনুসৰি যোগদান কৰি সামৰিক প্ৰশিক্ষণ গ্রহণ কৰিব।

Exit mobile version