Cold and Cough : ৰাজ্যত কাহ-চদিত আক্রান্ত বহু লোক, কফছিৰাপৰ বিক্ৰী ৪০ শতাংশ বৃদ্ধি

411182 cold

Cold and Cough :

বিগত বৰ্ষসমূহৰ তুলনাত চলিত বৰ্ষৰ এই শীতৰ আগমনৰ সময়ৰে পৰা ৰাজ্যত গৰিষ্ঠ সংখ্যক লোক কাহ-চৰ্দিত আক্রান্ত হৈছে। এয়া এক অভূতপূর্ব পৰিৱেশ বুলি বিভিন্নজনে মন্তব্য কৰিছে।

এনে পৰিৱেশৰ ভিত্তিত ‘দৈনিক অগ্ৰদূতে’ চলোৱা এক ক্ষেত্রভিত্তিক অধ্যয়নত বিগত বৰ্ষসমূহৰ তুলনাত সম্প্ৰতি ৰাজ্যৰ গৰিষ্ঠ সংখ্যক লোক কাহ-চর্দিত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছে।

সমান্তৰালভাৱে চিকিৎসকৰ লগতে ঔষধ যোগান আৰু বিক্ৰী কৰা প্ৰতিষ্ঠানসমূহেও ইয়াৰ সত্যতা স্বীকাৰ কৰিছে। ৰাজ্যত কাহ-চৰ্দিত ইমানেই লোক আক্ৰান্ত হৈছে যে বিগত বৰ্ষৰ তুলনাত ঔষধ বিক্রী প্রতিষ্ঠানসমূহত ব্যাপক হাৰত কফছিৰাপ বিক্ৰীৰ সংখ্যা বৃদ্ধি পাইছে।

মহানগৰীকে ধৰি ৰাজ্যৰ প্ৰায় অর্ধশতাধিক ঔষধ বিক্রী প্রতিষ্ঠানে সদৰী কৰা অনুসৰি বিগত বৰ্ষৰ তুলনাত এই সময়ছোৱাত বৃদ্ধি পাইছে কফছিৰাপৰ বিক্ৰী হাৰ।

অসমত প্ৰায় ২৫টা কোম্পানীৰ এশৰো অধিক কফছিৰাপ উপলব্ধ আৰু বিগত বৰ্ষৰ তুলনাত কফছিৰাপ বিচাৰি অহা গ্ৰাহকৰ সংখ্যা অধিক বুলি ঔষধ বিক্ৰী প্ৰতিষ্ঠানসমূহে সদৰী কৰি ইয়াৰে একাংশই চিকিৎসকৰ পৰামৰ্শ অনুসৰি কফছিৰাপ সংগ্ৰহ কৰিবলৈ আহিছে যদিও গৰিষ্ঠ সংখ্যক লোকে ভাল কাহ-চৰ্দিৰ ঔষধ বিচাৰি ফাৰ্মাচীলৈ আহিছে বুলি কয়।

গণেশগুৰিৰ পৰিচৰ্যা মেডিকোজৰ স্বত্বাধিকাৰী উমেশ ডেকাই এই সন্দৰ্ভত কয়, ‘ঔষধ বিক্রেতা হিচাপে এইবাৰ কাহ-চর্দিৰ ঔষধ বিচাৰি অহা গ্ৰাহকৰ সংখ্যা বেছি পাইছো। বিগত বৰ্ষৰ তুলনাত এইবাৰ কফছিৰাপসমূহৰ চাহিদাও যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে।

এই কথাই ৰাজ্যত যে কাহ-চদিত আক্রান্ত হোৱা লোকৰ সংখ্যা বৃদ্ধি হৈছে তাকেই সূচাইছে।’ উল্লেখ্য যে বিগত সময়ৰ তুলনাত কফছিৰাপ বিক্ৰীৰ হাৰ ৩০-৪০ শতাংশ বৃদ্ধি পাইছে বুলি ডেকাই মন্তব্য কৰাৰ লগতে গৰিষ্ঠ সংখ্যক ঔষধ বিক্রী প্রতিষ্ঠানে একে তথ্যকে সদৰী কৰিছে।

মহানগৰীৰ সমান্তৰালভাৱে কলিয়াবৰতো কফছিৰাপ বিক্ৰীৰ সংখ্যা বৃদ্ধি পাইছে বুলি ফার্মাচিষ্ট দীপাংকৰ শৰ্মাই সদৰী কৰি শেহতীয়াকৈ কফছিৰাপৰ চাহিদা ব্যাপক হাৰত বৃদ্ধি পাইছে বুলি কয়।

উল্লেখ্য যে কিছু সংখ্যক ঔষধ বিক্রী প্রতিষ্ঠানে যোগানকাৰী প্ৰতিষ্ঠানে বিচৰা ধৰণে পৰ্যাপ্ত কফছিৰাপ যোগান ধৰিব পৰা নাই বুলি অভিযোগ উত্থাপন কৰিছে যদিও তাক খণ্ডন কৰিছে ৰাজ্যিক ঔষধ নিয়ন্ত্ৰক আয়ুক্তালয়ে।

কামৰূপ মহানগৰ, কামৰূপ, দৰং, বঙাইগাঁও, কোকৰাঝাৰ, চিৰাং আদি জিলাৰ দায়িত্বত থকা ঔষধ পৰিদৰ্শক বিশ্বজিৎ তালুকদাৰে ৰাজ্যত পর্যাপ্ত পৰিমাণৰ কফছিৰাপ মজুত আছে বুলি মন্তব্য কৰি কফছিৰাপ নাটনি হোৱাৰ কোনো তথ্য বা অভিযোগ বৰ্তমানলৈ লাভ কৰা নাই বুলি কয়।

অৱশ্যে অস্বাভাৱিক হাৰত কফছিৰাপ বিক্ৰী হোৱাৰ পৰিপ্ৰেক্ষিতত আগন্তুক সময়ত যাতে নাটনি নহয়, এই সন্দৰ্ভত শীঘ্ৰে দৃষ্টি দিয়া হ’ব বুলিও তেওঁ কয়।

আনহাতে, ৰাজ্যত কাহ-চৰ্দিত অস্বাভাৱিক হাৰত লোক আক্রান্ত হোৱাৰ সম্পৰ্কত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শৰ্মাই জলবায়ুৰ পৰিৱৰ্তনৰ ফলতে এনে পৰিৱেশৰ সূচনা হৈছে বুলি মন্তব্য কৰে।

চিন্তাৰ কোনো কাৰণ নাই বুলি সদৰী কৰি তেওঁ কয় যে শেহতীয়াকৈ বহু লোক কাহ-চর্দিত আক্রান্ত হোৱা পৰিলক্ষিত হৈছে আৰু যথেষ্ট সংখ্যক এনে ৰোগী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ আহিছে। জলবায়ুৰ পৰিৱৰ্তনৰ ফলতে এনে ৰোগৰ সংখ্যা বৃদ্ধি পাইছে বুলি তেওঁ কয়।

Exit mobile version