Congo Capital kinshasa Flood : কংগোৰ ৰাজধানী কিঞ্চাচাত ভয়ংকৰ বৃষ্টিপাত

বান আৰু ভূমিস্খলনত মৃত্যু ১২০

2f412275 6bcc 4f25 8607 c8cc741baa87

Congo Capital kinshasa Flood :

মধ্য আফ্ৰিকাৰ কংগো গণতান্ত্ৰিক গণৰাজ্যৰ ৰাজধানী কিঞ্চাচাত প্ৰৱল বৃষ্টিপাত ৷ যোৱা দুদিন ধৰি অব্যাহত থকা নেৰেনেপেৰা বৰষুনৰ ফলত ৰাজধানী চহৰখনৰ বহু কেইটা অঞ্চলত বান আৰু ভূমিস্খলনৰ ফলত ১২০ জনকৈ লোকৰ মৃত্যু হয় ৷

কংগো নদীৰ পাৰত থকা ৰাজধানী চহৰ কিঞ্চাচাৰ জনসংখ্যা প্ৰায় ১.৫ কোটি । ইতিমধ্যে আফ্ৰিকাৰ অন্যতম মেগাচিটি হিচাপে দ্ৰুতগতিত উন্নয়নৰ দিশে আগবঢ়া কিঞ্চাচাৰত এই প্ৰাকৃতিক দুৰ্যোগে চহৰখনৰ প্ৰায়বোৰ অঞ্চল বিধ্বস্ত কৰে ৷

আফ্ৰিকান দেশ খনৰ প্ৰধানমন্ত্ৰী কাৰ্যালয়ে সদৰি কৰা মতে ৰাজধানী চহৰ খনৰ কেতবোৰ পাহাৰীয়া অঞ্চলত যোৱা তিনিদিন ধৰি ধাৰাসাৰ বৃষ্টিপাতৰ ফলত পাহাৰৰ পৰা হোৰে হোৰে নামি অহা বোকাময় পানীয়ে সমতলৰ বহু ঘৰ-দুৱাৰ উটুৱাই নিয়াৰ লগতে জলমগ্ন হয় বহু অঞ্চল৷ ভয়ংকৰ ভূমিস্খলনৰ ফলত বহু ঘৰ নিমিষতে নিচ্ছিন্ন হয় ৷

আনকি ৰাজধানী কিঞ্চাচাৰ এন -১ ঘাইপথ বিধস্ত হৈ যোগাযোগ বিচ্ছিন্ন হৈ পৰে ৷ ইতিমধ্যে উদ্ধাৰকাৰী দলে বানত আবদ্ধ হৈ পৰা লোক সকলক নিৰাপদস্থানলৈ স্থানান্তৰিত কৰিছে ৷

উল্লেখ্য যে ৰয়টাৰৰ মতে এই বানত মৃত্যু হৈছে ১৪২ আৰু সন্ধানহীন হৈ আছে অৰ্ধ শতাধিকলোক ৷ মনকৰিবলগীয়া যে কংগোৰ ৰাজধানী চহৰ কিঞ্চাচাত ২০১৯ তো প্ৰৱল বৃষ্টিপাতৰ বাবে হোৱা বান আৰু ভূমিস্খলনত মৃত্যু হৈছিল ৩৯ জনকৈ লোক ৷

Exit mobile version