Guwahati GMDA : গৃহ নিৰ্মাণৰ ওপৰতো দুই শতাংশ কৰ

GMDA

Guwahati GMDA :

নির্মাণ সামগ্ৰীৰ আকাশলংঘী মূল্যৰ সমান্তৰালকৈ এইবাৰ ৰাজকোষ টনকিয়াল কৰাৰ বাবে নতুনকৈ নিৰ্মাণ কৰিবলগীয়া প্ৰতিটো ঘৰৰ নিৰ্মাণ ব্যয়ৰ ওপৰত অতিৰিক্তভাৱে দুই শতাংশ খনিজ কৰ আৰোপৰ সিদ্ধান্ত লৈছে গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰী (জিএমডিএ)য়ে।

জিএমডিএৰ অধীনস্থ অঞ্চলত নিৰ্মাণ কৰিবলগীয়া প্ৰতিটো অট্টালিকাৰ সৰ্বমুঠ নির্মাণ ব্যয়ৰ ওপৰত আৰোপ কৰিবলগীয়া দুই শতাংশ হাৰৰ খনি আৰু খনিজ কৰ আৰু পূৰ্বৰ পৰা অব্যাহত থকা এক শতাংশ শ্রমিক কল্যাণ উপ-কৰসহ মহানগৰবাসীয়ে এতিয়াৰে পৰা আদায় দিব লাগিব মুঠতে তিনি শতাংশ অতিৰিক্ত কৰ।

লক্ষ্যণীয় যে বিগত ২০২০ তে গুৱাহাটীত নিৰ্মাণ কৰিবলগীয়া অট্টালিকাসমূহত ব্যৱহৃত শিল আৰু বালিৰ দৰে বনজ সম্পদৰ ওপৰত জিএছটিৰ অতিৰিক্তভাৱে দুই শতাংশকৈ কৰ আৰোপ কৰিবলৈ প্ৰস্তাৱত অনুমোদন জনাইছিল ৰাজ্য চৰকাৰে।

কিন্তু ক’ভিডকালীন পৰিস্থিতিৰ বাবে সেই মুহূৰ্তত এই অতিৰিক্ত কৰ আৰোপ কৰিলে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ আশংকাত বিষয়টো তল পেলাই থোৱা হৈছিল।

পিছে শেহতীয়াকৈ যোৱা ন অক্টোবৰত জিএমডিএ কর্তৃপক্ষই ইয়াৰ অধীনত পঞ্জীয়নকৃত সকলো অভিযন্তালৈ, স্থপতিবিদলৈ এখন পত্ৰ প্ৰেৰণ কৰি এতিয়াৰে পৰা গুৱাহাটীত নতুনকৈ গৃহ নিৰ্মাণৰ বাবে প্ৰস্তুত কৰা সকলো প্রাক্কলনত মুঠ নিৰ্মাণ ব্যয়ৰ ওপৰত দুই শতাংশ হাৰত ‘মাইন এণ্ড মিনাৰ্লেছ’ কৰ আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে জিএমডিএই নতুনকৈ আৰোপ কৰা গৃহ নির্মাণ সামগ্ৰীৰ অন্যতম শিল আৰু বালিৰ ওপৰত দুই শতাংশকৈ কৰ সংগ্ৰহ কৰিবলৈ দিয়া নির্দেশনা ৫০ লাখ বা তাতকৈ অধিক ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া ঘৰৰ ওপৰত প্রযোজ্য
হ’ব।

উল্লেখ্য যে গুৱাহাটীত ন্যূনতম দুমহলীয়া অট্টালিকা এটা নিৰ্মাণ কৰিবলৈ হ’লে ন্যূনতম ৫০ লাখ টকাৰ ওপৰত খৰচ পৰে। তেনেস্থলত নতুনকৈ গৃহ নিৰ্মাণৰ পৰিকল্পনা কৰা বৃহৎসংখ্যক লোকৰ পৰা এই কৰৰ জৰিয়তে এক বৃহৎ অংকৰ কৰ সংগ্ৰহৰ পথ প্ৰশস্ত হ’ল।

লক্ষ্যণীয় যে মহানগৰবাসীৰ মূৰত এই বৰ্ধিত কৰৰ বোজা জাপি দিবলৈ জিএমডিএই গ্ৰহণ কৰা সিদ্ধান্তক লৈ এতিয়া গুৱাহাটী উন্নয়নৰ আন এটা সংস্থা গুৱাহাটী পৌৰ নিগম (জিএমচি) ক্ষুণ্ন হৈ পৰিছে।

গুৱাহাটীত গৃহ নিৰ্মাণৰ ওপৰত জিএমডিএৰ অতিৰিক্ত কৰ আৰোপৰ বিৰুদ্ধে মুকলিকৈ অসন্তুষ্টি প্ৰকাশ কৰিছে জিএমচি কর্তৃপক্ষই।

ইতিমধ্যে নগৰ উন্নয়ন বিভাগলৈ জিএমচি কর্তৃপক্ষই এই প্ৰসংগত এখন পত্ৰ প্ৰেৰণ কৰি গুৱাহাটীত গৃহ নিৰ্মাণৰ ওপৰত জিএমডিএই আৰোপ কৰিব বিচৰা কৰৰ বিৰোধিতা কৰিছে।

জিএমচি কর্তৃপক্ষই পত্ৰখনত এইবুলিও প্ৰস্তাৱ দিছে যে গুৱাহাটীবাসীক আৰু অধিক কৰৰ বোজা জাপি দিলে নতুনকৈ সৃষ্টি হ’ব পৰা প্রতিক্রিয়াই সামগ্রিকভাৱে জিএমচিৰ ওপৰতো প্ৰভাৱ পেলাব।

গতিকে হয় নতুন কৰৰ প্ৰস্তাৱ প্ৰত্যাহাৰ কৰক নহ’লে অন্ততঃ ব্যক্তিগত গৃহ নির্মাণকাৰীক এই কৰৰ পৰা ৰেহাই দিব লাগে বুলি জিএমচি কৰ্তৃপক্ষই ৰাজ্য চৰকাৰক দাবী জনাইছে।

জিএমচিৰ এই অসন্তুষ্টিৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে সদ্যহতে দুই শতাংশ হাৰৰ কৰ কাৰ্যকৰীকৰণ কিছুদিনৰ বাবে স্থগিত ৰাখিবলৈ নিৰ্দেশ দিছিল।

সেই সূত্রে যোৱা অক্টোবৰৰ পৰা জিএমডিএই জাননী জাৰি কৰিও এই কৰ প্রযোজ্য কৰাৰ পৰা বিৰত আছে যদিও শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ পৰা সেউজ সংকেত লাভ কৰাৰ সূত্রে এই কৰ কাৰ্যকৰী কৰিবলৈ সকলো প্রস্তুতি সম্পূর্ণ কৰিছে জিএমডিএ কৰ্তৃপক্ষই।

ৰাজ্য চৰকাৰে এই বিষয়টো সন্দৰ্ভত আলোচনা কৰি শীঘ্ৰেই নির্মাণ খণ্ডত প্রযোজ্য হোৱাকৈ এই কৰ আৰোপত অনুমোদন জনাব। তেনেস্থলত গুৱাহাটীবাসীয়ে নতুনকৈ গৃহ নিৰ্মাণ কৰিলেই নির্মাণ ব্যয় আৰু অধিক বৃদ্ধি পোৱাটো নিশ্চিত।

জিএমডিএৰ এক শীর্ষ সূত্ৰই সদৰী কৰা মতে, দুই শতাংশ হাৰৰ কৰ প্ৰযোজ্য হোৱাৰ লগতে এহেজাৰ বৰ্গফুটৰ এটা গৃহ নিৰ্মাণৰ বাবে অনুমতি লোৱাৰ সময়ত প্ৰতি বৰ্গফুটত অতিৰিক্তভাৱে দুহেজাৰ টকাকৈ কৰ আদায় দিব লাগিব।

এফালে, নির্মাণ সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধিৰ ফলত প্রতি বর্গফুটত নিৰ্মাণ ব্যয় পূৰ্বৰ তুলনাত প্রায় সাতশ টকাকৈ বৃদ্ধি পোৱাৰ সমান্তৰালকৈ অতিৰিক্ত কৰ আৰোপৰ বাবে প্রতি বর্গফুটত দুহেজাৰ টকাকৈ নির্মাণ ব্যয় বৃদ্ধিয়ে মধ্যবিত্ত লোকক মাধমাৰ শোধোৱাটো নিশ্চিত।

লক্ষ্যণীয় যে চৰকাৰী নিয়ন্ত্ৰণ নথকাৰ বাবে ইতিমধ্যে ৰাজ্যৰ নিৰ্মাণ সামগ্ৰীৰ বজাৰত কাৰ্যত জুই লাগিছে। প্রতিবেগ চিমেণ্টৰ মূল্য দৈনিক ঊর্ধ্বমুখী হোৱাৰ সময়তে জিএমডিএই কৰ আৰোপ কৰি মাধমাৰ শোধাবলৈ লোৱা সিদ্ধান্তই পুনৰ বিতৰ্কৰ সৃষ্টি কৰাটো নিশ্চিত।

Exit mobile version