Ankita Dutta : প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক অপসাৰণ

WhatsApp Image 2022 12 15 at 20.29.23

Ankita Dutta :

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী অংকিতা দত্তক সভানেত্ৰী পদৰ পৰা অপসাৰিত ৷

ভাৰত জোড়ো যাত্ৰাত সক্ৰিয়ভাৱে যোগ নিদিয়াৰ অভিযোগত অংকিতা দত্তক অপসাৰণ কৰা হৈছে বুলি দলীয় সূত্ৰত প্ৰকাশ ৷
একেদৰে দল বিৰোধী কাৰ্যত লিপ্তৰো অভিযোগ উদ্থাপিত হৈছে যুৱ কংগ্ৰেছী নেতৃ গৰাকীৰ বিৰুদ্ধে ৷

উল্লেখ্য যে ইডিয়ে অংকিতা দত্ত চমন দিয়াৰ পিছৰে পৰা দলটোৰ শীৰ্ষমহলে এৰাই চলিছিল ৷আনকি কিছুদিন ধৰি পদৰ পৰা অপসাৰণৰ ৰূপৰেখা তৈয়াৰ হৈছিল ৷

আনহাতে শেহতীয়া খবৰ অনুসৰি ইডি-এ পুনৰ চমন জাৰি কৰিছে সদ্য অপসাৰিত অংকিতা দত্তলৈ ৷

যুৱ কংগ্ৰেছৰ সাংগঠনিক নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান মাহ থকা অৱস্থাত প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী পদৰ পৰা অংকিতা দত্তক তাৎক্ষণিক অপসাৰিত কাৰ্যই দলটোৰ ভিতৰত চলি থকা বাদ- বিসম্বাদৰ ছবি খন পুনৰ প্ৰকট হ’ল ৷

Exit mobile version