B.D. Mishra :
অৰুণাচল প্ৰদেশ আৰু মেঘালয়ৰ ৰাজ্যপাল ব্ৰিগেডিয়াৰ (ড০) বিডি মিশ্ৰই আজি মুখ্য কাৰ্যালয় ইষ্টাৰ্ণ এয়াৰ কমাণ্ড পৰিদৰ্শন কৰে ।
ADVERTISEMENT
ৰাজ্যপালগৰাকীক ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ এয়াৰ অফিচাৰ কমাণ্ডিং-ইন-চীফ এয়াৰ মাৰ্শ্বেল এছ পি ধাৰকাৰে আদৰণি জনায় ।
ৰাজ্যপাল মিশ্ৰই ‘উত্তৰ-পূৰ্বাঞ্চলত অসামৰিক সেনা সম্পৰ্ক’ সন্দৰ্ভত এক বক্তৃতা প্ৰদান কৰে য’ত ভাৰতীয় সেনা আৰু মুখ্য কাৰ্যালয় ইষ্টাৰ্ণ এয়াৰ কমাণ্ডৰ বিষয়াসকলে অংশগ্ৰহণ কৰে । ৰাজ্যপালগৰাকীয়ে চাহৰ বিষয়ত বিষয়াসকলৰ স’তে আলোচনা কৰে ।