Dr. Sivanath Barman Passes Away : ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ ড° শিৱনাথ বৰ্মনৰ দেহাৱসান

নেমকেয়াৰ হাস্পতালত শেষনিশ্বাস ত্যাগ

WhatsApp Image 2022 12 15 at 19.20.03

Dr. Sivanath Barman Passes Away :

ৰাজ্যৰ বিশিষ্ট চিন্তাবিদ ড: শিৱনাথ বৰ্মনৰ দেহাৱসান। আজি সন্ধিয়া নেমকেয়াৰ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট চিন্তাবিদ গৰাকীয়ে । একেধাৰে অধ্যাপক, নিবন্ধকাৰ,বাতৰি কাকতৰ সম্পাদকৰ লগতে অনুবাদক ৰূপে জনপ্ৰিয়তা অৰ্জন কৰিছিল চিন্তাবিদ গৰাকীয়ে ৷

প্ৰয়াত বৰ্মনে অধূনালুপ্ত অসমীয়া দৈনিক‘জনসাধাৰণ’ৰ মুখ্য সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ৷

অসম সাহিত্য সভাৰ ছগনলাল জৈন বঁটা প্ৰাপক ৮০ বছৰীয়া শিৱনাথ বৰ্মনে চলিত বৰ্ষত জীৱনজোৰা সাহিত্যিক অৱদানৰ বাবে ‘ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য সাধনা বঁটা’ লাভ কৰিছিল ৷

শিক্ষানগৰী যোৰহাটত ১৯৪২ জন্মলাভ কৰা চিন্তাবিদ গৰাকীৰ পিতৃভূমি নলবাৰেৰ পশ্চিম চামতাত ৷ ড° শিৱনাথ বৰ্মনৰ মৃত্যুত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই গভীৰ শোকপ্ৰকাশ কৰে আৰু শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে ৷

বিশিষ্ট সাহিত্যিক, চিন্তাবিদ, শিক্ষাবিদ ড° শিৱনাথ বৰ্মনৰ বিয়োগত গভীৰ শোক প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

এক শোকবাৰ্তাত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে যে, “বিশিষ্ট সাহিত্যিক, চিন্তাবিদ, শিক্ষাবিদ ড° শিৱনাথ বৰ্মনে মননশীল সৃষ্টিৰাজিয়ে অসমৰ সাহিত্য ক্ষেত্ৰক যথেষ্ট সমৃদ্ধ কৰিছে।

তেখেতে বৌদ্ধিক চিন্তা-চেতনাৰে সমাজ জীৱনৰ বিভিন্ন দিশতো উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। তেখেতৰ দৰে এগৰাকী পুৰোধা ব্যক্তিৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰে ৷

Exit mobile version