Green Coriander Storing Tips : চিঙি অনা ধনীয়া পাত সজীৱ কৰি ৰখাৰ ঘৰুৱা টিপছৰ বিষয়ে জানিবলৈ পঢ়ক –

550px nowatermark Keep Cilantro Fresh Step 15 Version 4

Green Coriander Storing Tips :

আলু পিটিকা, বেঙেনা পিটিকা , বিভিন্ন ৰন্ধন আদিত ধনীয়া পাতে অনন্য স্বাদ বৃদ্ধি কৰে । কিন্তু এই ধনীয়া পাত আমি বেছি দিনলৈ সজীৱ কৰি ৰাখিব নোৱাৰো । বিশেষকৈ বজাৰৰ পৰা কিনি অনা ধনীয়া পাত এদিনলৈও সজীৱ কৰি ৰাখিবলৈ আমাৰ অসুবিধা হয় । তেনেক্ষেত্ৰত আমি অতি সহজ উপায়েৰে ধনীয়া পাত কিছুদিনলৈ সজীৱ কৰি ৰাখিব পাৰো ।

প্লাষ্টিক বেগ ব্যৱহাৰ কৰক : শীত কালত ধনীয়া পাত সংৰক্ষণ কৰি ৰাখিবলৈ আমি প্লাষ্টিকৰ বেগ ব্যৱহাৰ কৰিব পাৰো । প্ৰথমতে আমি ধনীয়া পাতখিনি ধুই এখন টিচ্যু পেপাৰেৰে লাগি থকা পানীখিনি শুকুৱাই এটা প্লাষ্টিকৰ বেগত ভৰাই থলে, অন্তত দুই সপ্তাহ পৰ্যন্ত ভাল হৈ থাকে ।

পানীত ৰাখক : ধনীয়া পাত সংৰক্ষণ কৰিবলৈ আমি পানীও ব্যৱহাৰ কৰিব পাৰো । তাৰকাৰণে আমি এগিলাচ পানীত ধনীয়া পাতখিনি ডুবাই ৰাখিলে এসপ্তাহলৈ সংৰক্ষণ কৰি ৰাখিব পাৰো ।

ফ্ৰিজত ৰাখক : শীত কালত ধনীয়া পাত ফ্ৰিজত ৰাখিলেও সজীৱ হৈ থাকে । তাৰকাৰণে প্ৰথমতে আমি ধনীয়া পাতখিনি ধুই শুকুৱাই এদিন সাধাৰণ উত্তাপত ৰাখি পিছদিনা পুৱা এটা বায়ু সোমাব নোৱাৰা টেমাত ভৰাই ৰাখি থলে বহুত দিনলৈ সংৰক্ষণ কৰি ৰাখিব পাৰো ।

এখন পাতল কপাহী কাপোৰেৰে ঢাকি ৰাখক : এখন পাতল কাপোৰেৰে ঢাকি ৰাখিলেও ধনীয়া পাত বহুদিনলৈ ভাল হৈ থাকে । তাৰবাবে প্ৰথমতে ধনীয়া পাতখিনি ধুই ভালদৰে পানী শুকালে এখন পাতল কাপোৰেৰে ঢাকি থৈ দিলেও ২০-২৫ দিন পৰ্যন্ত সংৰক্ষণ কৰি ৰাখিব পাৰি ।

টিচ্যু পেপাৰ ব্যৱহাৰ কৰক : শীতত ধনীয়া পাত বহুদিনলৈ সংৰক্ষণ কৰি ৰাখিবলৈ টিচ্যু পেপাৰ ব্যৱহাৰ কৰিব পাৰি । তাৰবাবে ধনীয়া পাতখিনি ধুই টিচ্যু পেপাৰেৰে মেৰিয়াই এটা বায়ু সোমাব নোৱাৰা টেমাত ভৰাই থলেও বহু দিনলৈ সজীৱ হৈ থাকে ।

Exit mobile version