Hair Care : চুলি ভালে ৰাখিবলৈ আপুনি হয়তো দৈনিক চেম্প্যু কৰে ? কিন্তু চেম্প্যু কৰাৰো নিয়ম আছে , জানিবলৈ পঢ়ক –

images 4 1

Hair Care :

দৈনিক চেম্প্যু কৰিবলৈ হ’লে প্ৰাকৃতিক তথা হাৰ্বেল চেম্প্যু ব্যৱহাৰ কৰক । ৰাসায়নিক পদাৰ্থ নথকা প্ৰাকৃতিক চেম্প্যুয়ে চুলিৰ ক্ষতি কম কৰে ।

চুলি ভালে ৰাখিবলৈ আমি বিভিন্ন চেষ্টা কৰো । বিশেষকৈ শীতকালত আমাৰ চুলিৰ সমস্যাও বেছি হয় । যিহেতু এই সময়ছোৱাত প্ৰদূষণৰ লগতে , ধুলিৰ প্ৰকোপো বৃদ্ধি পায় । যাৰবাবে চুলিৰ গুৰিত খজুৱতি সমস্য়াই দেখা দিয়ে । সমান্তৰালকৈ যিসকলৰ ছালত তৈলাক্ত ভাৱ বেছি , সেইসকলে দৈনিক চেম্প্যু কৰিবলগা হয় ।

সেইয়েহে দৈনিক চেম্প্যু ব্যৱহাৰ কৰা লোকসকলে কিছু নিয়ম মানি চলাটো খুবেই দৰকাৰ । নিয়ম অনুসৰি চুলিত তেল দিয়া ,চেম্প্যু কৰা , কণ্ডিচনিং কৰা আদি তৈলাক্ত ছালৰ লোকসকলে বিশেষ কিছুমান নিয়ম মানি চলিব লাগে । আচলতে মূৰটো চাফা কৰি ৰাখিলে চুলিৰ সমস্যাও হ্ৰাস পায় ।

চেম্প্যু কৰাৰ সময়ত চুলি ভালকৈ ধোৱা তথা শুকুৱাই লোৱাটো অত্যন্ত জৰুৰী কথা । যিহেতু তিতা চুলি সহজে সৰা সম্ভাৱনা থাকে । সেইয়েহে চেম্প্যু কৰাৰ আগত আৰু পিছত এইসমূহ নিয়ম মানি চলিব লাগে ।

১/ চেম্প্যু কৰাৰ আগদিনা ৰাতি তেল গৰম কৰি ভালদৰে চুলিত ঘহিব লাগে । পিছদিনা পুৱা উঠি গৰম পানীত এখন টাৱেল ডুবাই মূৰটো মেৰিয়াই ৰাখিব লাগে । এনে কৰিলে চুলিৰ গুৰিত লাগি থকা ময়লা সহজে চাফা হ’ব আৰু উফিৰ সমস্যাও দূৰ হোৱাত সহায় হয় ।

২/ শীতত সাধাৰণতে মানুহৰ উফিৰ সমস্যা বৃদ্ধি পায় । তেনেক্ষেত্ৰত চেম্প্যু কৰাৰ ৩০ মিনিট আগত মূৰত ভিনেগাৰ আৰু নেমুৰ ৰস মিহলি কৰি মালিচ কৰিব লাগে । ইয়াৰ পিছত এণ্টি ডেনড্ৰাফ চেম্প্যুৰে চুলি ধুব লাগে লগতে কণ্ডিচনাৰৰ পৰিৱৰ্তে এল’ভেৰা জেল , মৌ আৰু নেমুৰ ৰস মিহলি কৰি ঘহিব লাগে । এনে কৰিলে চুলি সৰা সমস্যা দূৰ হয় । অৱশ্যে এটা কথা সদায় মনত ৰাখিব লাগে যাতে চুলি সঠিককৈ চাফা হয় , অন্যথা পুনৰ উফিৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

৩/ চেম্প্যু কৰা চুলিত সদায় ষ্টিম দিব লাগে । এনে কৰিলে বেয়া হোৱা চুলি সৰি পৰে আৰু চুলিৰ গুৰি মজবুত হয় ।

৪/ চেম্প্যু কৰোতে সদায় ঠাণ্ডা পানী ব্যৱহাৰ কৰিব লাগে । গৰম পানী ব্যৱহাৰ কৰিলে চুলি সৰা সমস্য়া বৃদ্ধি পায় । বিশেষকৈ গৰম পানীয়ে চুলিৰ স্বাভাৱিক তেল নষ্ট কৰি চুলি ৰোক্ষ কৰি তোলে । কিন্তু ঠাণ্ডা পানীয়ে চুলিৰ স্বাভাৱিক আদ্ৰতা ধৰি ৰাখে। ফলত চেম্প্যু কৰাৰ পিছত চুলি উজ্জ্বল হৈ পৰা দেখা যায় ।

৫/ দৈনিক চেম্প্যু ব্যৱহাৰ কৰাসকলে সদায় হাৰ্বেল চেম্প্যু ব্যৱহাৰ কৰিব লাগে । ইয়াত ৰাসায়নিক পদাৰ্থ নেথাকে কাৰণে চুলি ক্ষতি কম হয় ।

বি : দ্ৰ : ওপৰোক্ত প্ৰতিবেদনটি তথ্যৰ ওপৰত আধাৰিত যদিও বিশেষ সমস্যাই দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয় ।

Exit mobile version