Human-Elephant Conflict : বন্যহস্তীৰ আক্ৰমণত গোৱালপাৰাত বন কৰ্মীকে ধৰি এদিনতে চাৰিজনৰ মৃত্যু

চলিত বৰ্ষত হাতীৰ আক্ৰমণত ২৬ গৰাকীকৈ লোক নিহত হোৱাৰ বিপৰীতে সাতটাকৈ বন্যহস্তীৰ কৰুণ মৃত্যু

IMG 20221215 185417

Human-Elephant Conflict

গোৱালপাৰা জিলাত হাতী-মানুহৰ সংঘাতে তীব্র ৰূপ ধাৰণ কৰাৰ বিপৰীতে বন বিভাগ আৰু জিলা প্ৰশাসনে কুম্ভকৰ্ণ নিদ্রাত মগ্ন হোৱা বুলি ৰাজহুৱা অভিযোগ উত্থাপিত হৈছে ।

উল্লেখ্য যে চলিত বর্ষত গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ আক্ৰমণত ২৬ গৰাকীকৈ লোকৰ মৃত্যু হোৱাৰ লগতে সাতটাকৈ বন্যহস্তীৰ কৰুণ মৃত্যু হৈছে । হাতী-মানুহৰ সংঘাতে এইদৰে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে যদিও এই ক্ষেত্ৰত চৰকাৰ,‌ জিলা প্ৰশাসন তথা বন বিভাগে আজিলৈকে কোনো ধৰণৰ ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰা নাই ।

যাৰ ফলত সঘনাই হাতী-মানুহৰ সংঘাত অব্যাহত আছে আৰু বন্যহস্তীৰ আক্ৰমণত এজনৰ পাছত এজনকৈ নিৰীহ লোকৰ প্ৰাণ গৈছে‌ ।

আজিও দিনৰভাগত লক্ষীপুৰ আঞ্চলিক বন বিষয়াৰ কাৰ্যালয়ৰ নিচেই কাষতে এটি ১৫ মহীয়া কন্যা শিশুসহ মুঠ তিনিজন লোকৰ বন্যহস্তীৰ আক্ৰমণত নিহত হয় ।

ইপিনে, সন্ধিয়াভাগত শোলমাৰীস্থিত বন বিভাগৰ নাৰ্চাৰীত কাম কৰি ঘৰলৈ যোৱাৰ সময়ত সহদেৱ ৰায় নামৰ বনকৰ্মী এগৰাকীৰ বন্যহস্তীৰ গছকত নিহত হয় ।

উল্লেখ্য যে খাদ্যৰ সন্ধানত মেঘালয়ৰ পৰা নামি অহা বন্যহস্তীৰ কে’বাটাও জাকে সম্প্ৰতি গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ বনাঞ্চলত আশ্ৰয় লৈ আছে । লগতে বন্যহস্তীৰ জাক সমূহে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা প্ৰায়ে জনাঞ্চললৈ ওলাই আহি উপদ্ৰৱ চলাই জিলাখনৰ হেজাৰ হেজাৰ হেক্টৰ ধান খেতি খাই তহলিং কৰাৰ লগতে বহু লোকৰ বাৰীৰ গছ-গছনি আৰু ঘৰ-দুৱাৰ ভাঙি তচনচ কৰিছে ।

গোৱালপাৰা জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া জিতেন্দ্ৰ কুমাৰ সিঙে জনোৱা মতে, চলিত বৰ্ষত জিলাখনত বন্যহস্তীৰ আক্ৰমণত ২৬ গৰাকী লোক নিহত হোৱাৰ বিপৰীতে সাতটাকৈ হাতীৰ মৃত্যু হয় ।

বিশেষকৈ লক্ষীপুৰতে চলিত বৰ্ষত সৰ্বাধিক ১৯গৰাকী লোক বন্যহস্তীৰ আক্ৰমণত নিহত হোৱাৰ বিপৰীতে দুটাকৈ হাতী নিহত হয় । ইয়াৰে অধিকাংশ বন্যহস্তীৰ খাদ্যত বিষক্ৰিয়া হৈ মৃত হোৱা বুলি ডিএফঅ’ গৰাকীয়ে দাবী কৰিছে ।

আনহাতে, হাতী মানুহৰ সংঘাত জিলাখনত বৃদ্ধি পোৱা সন্দৰ্ভত জিলা বন সংমণ্ডল প্ৰাধিকাৰী জিতেন্দ্ৰ কুমাৰ সিঙে কয় যে জিলাখনত থকা বন্যহস্তীৰ কৰিড’ৰসমূহ বেদখল কৰা, অবাধ হাৰে বনাঞ্চল ধ্বংস কৰি ৰবৰ খেতি কৰা, তামোলৰ খেতি কৰা, চাহবাগান কৰা আৰু ঘৰ-দুৱাৰ নিৰ্মাণ কৰাৰ বাবে বনাঞ্চলৰ ভূমি সংকুচিত হৈ আহিছে ।

ফলত বনাঞ্চলত আশ্ৰয় লোৱা বন্যহস্তীৰ জাকে খাদ্যৰ অভাৱত জনাঞ্চললৈ আহি আক্ৰমণ চলোৱাত হাতী-মানুহৰ সংঘাত হয় । জিলাখনত হাতী-মানুহৰ সংঘাত নিৰাময় কৰিবলৈ বিভিন্ন দল সংগঠনে দাবী জনোৱাৰ লগতে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে যদিও এই ক্ষেত্ৰত চৰকাৰ বা জিলা প্ৰশাসন তথা বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই ।

উল্লেখ্য যে হাতী-মানুহৰ সংঘাত নিৰাময়ত গুৰুত্ব দিয়াৰ পৰিৱর্তে বন বিভাগৰ বিষয়া কৰ্মচাৰীসকলে বনজ সম্পদৰ চোৰাং কাৰবাৰ কৰা ব্যাৱসায়ীসকলৰ পৰা কমিছন উঠাবলৈ সদায় তৎপৰ হৈ থকা বুলি ৰাইজৰ মাজত সৰৱ চৰ্চা চলিছে ।

এই ক্ষেত্ৰত উচ্চ পৰ্যায়ৰ তদন্তৰ জৰিয়তে দোষী বিষয়া- কৰ্মচাৰীসকলৰ দৃষ্টান্তমূলক পদক্ষেপ গ্রহণৰ দাবী জনাইছে সচেতন মহলে ।

Exit mobile version