Jorhat Visit CM : কেবিনেট বৈঠকত অংশগ্ৰহণৰ বাবে যোৰহাটত উপস্থিত মুখ্যমন্ত্ৰী

লাচিত বৰফুকন মৈদাম প্ৰকল্পৰ ভূমি পূজনত মুখ্যমন্ত্ৰী

Jorhat Visit CM :

ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত অংশগ্ৰহণ বাবে আজি যোৰহাটত উপস্থিত হয় মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা৷ কেবিনেটত অংশগ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্ৰী গৰাকীয়ে হোলোঙাপাৰ মৌজাৰ অন্তৰ্গত গোহাঁইগাঁৱত বীৰ লাচিত বৰফুকনক শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে মৈদামৰ প্ৰকল্পৰ বাবে ভূমি পূজন কাৰ্যসূচীত অংশ লয় ৷

এই উপলক্ষে আয়োজিত সভাত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰসংগত কয়, অসমী আই বীৰপুত্ৰ লাচিত বৰফুকনৰ প্ৰতি সন্মানৰ চিন স্বৰূপে অসম চৰকাৰে তেখেতৰ ৪০০সংখ্যক জয়ন্তীত বীৰ লাচিত বৰফুকনৰ মৈদামৰ উন্নয়নৰ বাবে ১৪৯.৮৩ কোটি টকাৰ প্ৰকল্প গ্ৰহণ কৰিছে ।

ৰাজ্য চৰকাৰৰ লোক নিৰ্মাণ বিভাগে নিৰ্মাণ কৰিবলগীয়া এই মৈদাম উন্নয়ন প্ৰকল্পৰ বাবে বৰ্তমানৰ ভূমিৰ লগত সংযোজন কৰিবলৈ চৰকাৰে প্ৰায় ৪২ বিঘা ভূমি অধিগ্ৰহণ কৰিছে।

মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, এই প্ৰকল্পৰ অংশ হিচাপে মৈদামত সংগ্ৰহালয়, প্ৰেক্ষাগৃহ, আৱাসিক খেলপথাৰ, পথ আৰু অন্যান্য সুবিধাৰ লগতে বীৰগৰাকীৰ ১২৫ ফুট ওখ ব্ৰঞ্জৰ মূৰ্তি স্থাপন কৰা হ’ব। ইয়াৰ উপৰি মূল লাচিত মৈদামৰ গাতে লাগি থকা লাচিত বৰফুকনৰ দেশপ্ৰেমীক সংগীসকলৰ মৈদামসমূহো অসম চৰকাৰে সংৰক্ষণ কৰিব ৷

অনুষ্ঠানত মন্ত্ৰী অজন্তা নেওগ, পীযুষ হাজৰীকা,উখাও গৌড়া ব্ৰক্ষ্ম,নন্দিতা গাৰ্লোচা,ড:ৰণোজ পেগু, কেশৱ মহন্ত, বিমল বড়া,বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী,ভৱেন বৰুৱা,ৰেনুপ্ৰভা ৰাজখোৱা,ৰূপজ্যোতি কুৰ্মী সাংসদ তপন কুমাৰ গগৈ,কামাখ্যা প্ৰসাদ তাচা কেইবা গৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Exit mobile version