Kaziranga University : ‘আত্মনিৰ্ভৰ ভাৰত’ নিৰ্মাণৰ মূল কাৰিকৰ হৈছে দেশৰ যুৱশক্তি : মন্ত্ৰী অশোক সিংহাল

WhatsApp Image 2022 12 15 at 17.33.00

Kaziranga University :

ৰাজ্য চৰকাৰৰ গৃহ নিৰ্মাণ তথা নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহালে আজি যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয়ত উপস্থিত হৈ শিক্ষানুষ্ঠানখনৰ চৌহদ পৰিদৰ্শন কৰে আৰু ইয়াৰ কৰ্তৃপক্ষ, শিক্ষক-শিক্ষয়িত্ৰী তথা ছাত্ৰ-ছাত্ৰীসকলৰ স’তে মত বিনিময় কৰে ৷

ব্যক্তিগত খণ্ডৰ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক সম্বোধি মন্ত্ৰীগৰাকীয়ে আজি ‘ৰাষ্ট্ৰ নিৰ্মাণত যুৱশক্তিৰ ভূমিকা’ বিষয়ক এক সুদীৰ্ঘ প্ৰেৰণাদায়ক বক্তব্যও প্ৰদান কৰে ৷

নিজৰ ভাষণ প্ৰসংগত মন্ত্ৰী সিংহালে নতুন ভাৰতবৰ্ষৰ নিৰ্মাণ প্ৰক্ৰিয়াত দেশৰ যুৱশক্তিৰ ভূমিকাৰ বিষয়ে বিশেষভাৱে আলোকপাত কৰে ৷ তেওঁ কয় যে বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰত আজি বিশ্বৰ সৰ্বাধিক যুৱ সমাজৰো বসতিস্থল ৷

বহুকেইখন উন্নত পশ্চিমীয়া ৰাষ্ট্ৰৰ বিপৰীতে আমাৰ দেশৰ বাসিন্দাসকলৰ গড় বয়স মাত্ৰ ২৮ বছৰ, যি তথ্য‌ দেশখনৰ সম্ভাৱনা তথা ভৱিষ্যতৰ বাবে অতিশয় উৎসাহজনক ৷ এই বৃহৎ যুৱশক্তিয়ে সঠিক পথেৰে বাট বুলিলে আমাৰ দেশে বিশ্বত এক নতুন যুগৰ সূচনা কৰিব পাৰিব বুলি তেওঁ মন্তব্য কৰে ৷

মন্ত্ৰী সিংহালে কয় যে দেশৰ বিকাশত যুৱশক্তিৰ অপৰিসীম গুৰুত্বৰ কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সদায়েই উল্লেখ কৰি আহিছে আৰু সেয়ে যুৱক-যুৱতীসকলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে চৰকাৰে নিত্য-নতুন পদক্ষেপ গ্ৰহণ কৰি আহিছে ৷

যুৱক-যুৱতীসকলৰ সামাজিক বা অৰ্থনৈতিক পটভূমি নিৰ্বিশেষে শিক্ষাৰ সুবিধা উন্নত কৰা আৰু শিক্ষণৰ মানদণ্ডৰ দিশত সহযোগিতামূলক ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে এক শক্তিশালী কাঠামো প্ৰদান কৰিছে বুলি তেওঁ উল্লেখ কৰে ৷

তেওঁ কয় যে যুৱক-যুৱতীসকলৰ বাবে পৰ্যাপ্ত নিয়োগ সৃষ্টি, দক্ষতা বিকাশ আৰু উদ্যমিতাক উৎসাহিত কৰিবলৈ প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা, স্বয়ম, দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনা, প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনা, ষ্টাৰ্ট-আপ ইণ্ডিয়াৰ দৰে অভিলাষী পদক্ষেপ গ্ৰহণ কৰা হৈছে আৰু ই দেশৰ যুৱশক্তিৰ প্ৰত্যাশা পূৰণত যথেষ্ট সহায়ক হৈছে ৷

যুৱশক্তিক ৰাষ্ট্ৰৰ মেৰুদণ্ড বুলি অভিহিত কৰি মন্ত্ৰী সিংহালে কয় যে যুৱশক্তিৰ সক্ৰিয় সহযোগিতা অবিহনে নতুন ভাৰত নিৰ্মাণ সম্ভৱেই নহয় ৷ বিশ্বৰ অন্যতম সৰ্ববৃহৎ অৰ্থনৈতিক শক্তি হিচাপে ভাৰতবৰ্ষৰ দ্ৰুত উত্থান আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ নিৰ্মাণৰ কৰ্মযজ্ঞত দেশৰ যুৱশক্তিয়েই মূল কাৰিকৰৰ ভূমিকা গ্ৰহণ কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে ৷

আজিৰ এই কাৰ্যসূচীত কাজিৰঙা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য পি কে মিশ্ৰ আৰু উপ-উপাচাৰ্য বসন্ত খৈতানৰ লগতে অন্যান্য বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে ৷

Exit mobile version