Moran Dislodged Family : বিহুৰ চান্দা নিদিয়াৰ বাবে সমাজচ্যুত এটা পৰিয়াল

পৰিয়ালৰ মুৰব্বীৰ শ্ৰাদ্ধলৈ নাহিল ভকত-গাঁওবাসী

WhatsApp Image 2022 12 15 at 21.04.25

Moran Dislodged Family :

এলান্ধুকলীয়া পৰম্পৰাই আকৌ গ্ৰাস কৰিলে এই খন অসমৰ এটা পৰিয়ালক৷এইবাৰ সমাজ ব্যৱস্থাৰ কু-সংস্কাৰৰ বলি হৈছে ডিব্ৰুগড় জিলাৰ মৰাণ সমষ্টিৰ অন্তৰ্গত কলাখোৱাৰ দিহিংথান গাৱঁৰ পেটেভাতে খাই থকা ৮০ বছৰীয়া বৃদ্ধা ফুলেশ্বৰী দেৱীৰ বাৰজনীয়া পৰিয়ালটি ৷

গাৱঁত অনুষ্ঠিত হ’বলগীয়া বিহু সন্মিলনৰ চান্দা নিদিয়াৰ বাবে গাঁওবাসীয়ে সমাজচ্যুত কৰিলে এটা পৰিয়ালক ৷ আনকি বয়োবৃদ্ধা ফুলেশ্বৰী দেৱীৰ প্ৰয়াত স্বামীৰ আাদ্য শ্ৰাদ্ধলৈ নাহিল ভকত- গাঁওবাসী৷ একেদৰে বৃদ্ধা গৰাকীৰ ঘৰৰ ধান পথাৰত কাটিবলৈ গৈ পৰাচিত হ’বলগীয়া হ’ব বহুজন ৷

আনকি ফটোৱা জাৰি কৰা হ’ল গাঁৱৰ কোনোলোক সমাজচ্যুত কৰা পৰিয়ালটিৰ বাসগৃহত ভৰি দিলেই হ’ব লাগিব পৰাচিত।
ভূক্তভোগি পৰিয়ালটিয়ে এই সন্দৰ্ভত ন্যায় পোৱাৰ আশাৰে আৰক্ষীৰ কাষ চাপিছিল যদিও আৰক্ষীৰ পৰাও নাপালে সময়োচিত সহাৰী ৷

Exit mobile version