Tortoise :
কাজিৰঙাৰ বন্যপ্ৰাণীৰে বিশেষভাৱে জড়িত সংবাদকৰ্মী ইমৰান আলিয়ে প্ৰকাশ কৰা অনুসৰি, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ডিফলু বিলকে ধৰি বিভিন্ন জলাশয়, খাল বিলত পৰিলক্ষিত হয় ১৭ টাকৈ প্ৰজাতিৰ সৰু-বৰ কাছ৷
ইয়াৰ ভিতৰত ইয়াত চকৰি কাছ, বৰ কাছ, লাওমুৰা কাছ, বাঘিয়া কাছ, হালধীয়া ফুটুকী কাছ, শালিকা ডুৰা কাছ, ফুটুকী শালিকী কাছ, মুগা ডুৰা, নল ডুৰা, বৰ ডুৰা, পাহাৰী ডুৰা, শিল ডুৰা, জাপ ডুৰা, ছেপেটা ডুৰ আদি কৰি বহুকেইটা প্ৰজাতিৰ কাছ দেখা যায়৷
কলিয়াবৰৰ কলং সুঁতিৰ বিভিন্ন স্থানৰ লগতে ঐতিহাসিক জয়সাগৰ দলনি, ভৰালীবৰুৱা পুখুৰী আদিত বিভিন্ন প্ৰজাতিৰ কাছই প্ৰাণীপ্ৰেমীৰ দৃষ্টি আকৰ্ষণ কৰে৷
জৈৱ বৈচিত্ৰতাৰে পৰিপূৰ্ণ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখনৰ বিশেষভাৱে কহঁৰা বনাঞ্চলৰ ডিফলু নদীৰ পাৰৰ এটুকুৰা ঠাই বিভিন্ন প্ৰজাতিৰ কাছৰ বাবে বিশেষভাৱে চৰ্চিত।
এই স্থানৰ বিভিন্ন কাছই আকৰ্ষিত কৰে পৰ্যটকক৷ এই ডিফলু নদীৰ পাৰত পৰি থকা মৰা গছৰ লগতে ডালত কাছই ৰ’দ লৈ থকাৰ বিশেষ দৃশ্যই স্বাভাৱিকতে আকৰ্ষিত কৰে পৰ্যটকক। যি কাৰণে এই ঠাই টুকুৰাই নাম পাইছে কাছ ওলোৱা ঠাই বা কাছমাৰী হিচাপে।
সৰু বৰ কাছবোৰৰ নান্দনিক দৃশ্যই অভিভূত কৰে প্ৰতিগৰাকী দেশ বিদেশৰ পৰ্যটকক৷ উল্লেখ্য যে, বৰ কাছ, ডুৰা কাছকে আদি কৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আছে প্ৰায় ১৭ বিধ প্ৰজাতিৰ কাছ।ইয়াৰে ১৩ বিধ প্ৰজাতি দুষ্প্ৰাপ্য।অসমত যিমান প্ৰজাতিৰ কাছ পোৱা যায় তাৰ সৰ্বাধিক কাছ পোৱা যায় কাজিৰঙাত।
ভাৰতত উপলব্ধ ২৯ বিধ প্ৰজাতিৰ কাছৰ ভিতৰত কেৱল উত্তৰ পূৰ্বাঞ্চলতে ২১ বিধ প্ৰজাতিৰ কাছ পোৱা যায়। আনহাতে তথ্য অনুসৰি কাজিৰঙাত ১৭ বিধ প্ৰজাতিৰেই কাছৰ বিচৰণ দেখা যায়৷
বিশ্ব ঐতিহ্যক্ষেত্ৰ কাজিৰঙাত কাছক লৈও ইতিমধ্য কৰা হৈছে বহু গৱেষণা। বিষ্ময়কৰ আৰু প্ৰাণীজগতৰ এক সুকীয়া জীৱনশৈলীৰ জীৱ কাছ এবিধ সৰীসৃপ প্ৰাণী। ইহঁতে পানী আৰু মাটি উভয়ত বাস কৰে।
ইয়াৰ শৰীৰৰ উপৰিভাগ কঠিন খোলাৰে আবৃত থাকে যি ইহঁতৰ শৰীৰক বিভিন্ন পৰিস্থিতিত ৰক্ষা কৰে। কাছ পৃথিৱীৰ প্ৰাচীনতম প্ৰাণীবোৰৰ ভিতৰত অন্যতম।
বৰ্তমানে কাছৰ প্ৰায় ৩০০ প্ৰজাতি পৃথিৱীত পোৱা যায়, তাৰে কিছুমান প্ৰজাতি বিলুপ্তিৰ পথত। কাছয়ে বিভিন্ন পৰিস্থিতিত তাৰ নিজৰ শৰীৰৰ অভ্যন্তৰীণ তাপমাত্ৰা পৰিৱৰ্তন কৰিব পাৰে, সাধাৰণতে এনেধৰণৰ প্ৰাণীক শীতলৰক্তী প্ৰাণী বোলা হয়।
কাছৰ অনেক প্ৰজাতি পানীত বা পানীৰ আশে-পাশে বাস কৰিলেও ইহঁতে মাটিত কণী পাৰে। ই কেই চেণ্টিমিটাৰৰ পৰা দুই মিটাৰ পৰ্যন্ত হব পাৰে। ইহঁত ঘাইকৈ দিনত সক্ৰিয় থাকে কিন্তু তাপমাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰি গধূলিতো সক্ৰিয় হব পাৰে।
কাছ এবিধ অকলশৰীয়াকৈ থাকি ভাল পোৱা প্ৰাণী। কাছয়ে বিভিন্ন পৰিস্থিতিত তাৰ নিজৰ শৰীৰৰ অভ্যন্তৰীণ তাপমাত্ৰা পৰিৱৰ্তন কৰিব পাৰে, সাধাৰণতে এনেধৰণৰ প্ৰাণীক শীতলৰক্তী প্ৰাণী বোলা হয়।
কাছৰ অনেক প্ৰজাতি পানীত বা পানীৰ আশে-পাশে বাস কৰিলেও ইহঁতে মাটিত কণী পাৰে। মাইকী কাছয়ে কণীৰ বাবে গাঁত খান্দে আৰু তাত একৰ পৰা ৩০টা পৰ্যন্ত কণী পাৰে।
ইহঁতে সাধাৰণতে ৰাতি কণী পাৰে আৰু কণীবোৰ মাটি, বালি বা অন্য জৈৱ পদাৰ্থ দি ঢাকি দিয়ে আৰু কণী পৰাৰ পাছত যেন প্ৰকৃতিক ৰখীয়া কৰি আঁতৰি যায়।
কণী ফুটি পোৱালি ওলাবলৈ প্ৰজাতি বিশেষে ৬০ ৰ পৰা ১২০ দিন সময় লাগে। কণীৰ আকাৰ মাকৰ আকাৰৰ ওপৰত নিৰ্ভৰ কৰে। পোৱালি কাছয়ে ভ্ৰণথল লৈ জন্মগ্ৰহণ কৰে যি সিহঁতক তিনিৰ পৰা সাত দিন পৰ্যন্ত পুষ্টি যোগান ধৰে।
পোৱালি কাছয়ে সিহঁতৰ প্ৰয়োজনীয় পুষ্টি উপাদানৰ বাবে ভিন্ন ধৰণৰ খাদ্য খায়। কাছৰ চলঙৰ ওপৰৰ অংশত সমকেন্দ্ৰ বিশিষ্ট ৰিং থাকে। এইবোৰৰ পৰা ইহঁতৰ বয়স গণনা কৰিব পাৰি। কাছ বহু বৰ্ষজীৱী প্ৰাণী।
ইহঁত প্ৰায় ৩০০ বছৰ জীয়াই থাকিব পাৰে। অধিকাংশ স্থলত বসৱাসকাৰী কাছ তৃণভোজী। ইহঁতে ঘাঁ, পাত, ফুল আৰু কিছু ফল খায়। যদিও কিছু সৰ্বভক্ষী কাছও এই পৰিয়ালত আছে। কিছু প্ৰজাতিয়ে কীটপতংগ আৰু মৃতদেহও খায়।
তৃণভোজী কাছবোৰে অতিৰিক্ত আমিষ খালে স্বাস্থ্যৰ বাবে ক্ষতিকৰ আৰু চলঙত বিকৃতিসহ অন্যান্য স্বাস্থ্যগত জটিলতা সৃষ্টি কৰে।
যিহেতু প্ৰত্যেক প্ৰজাতিৰ কাছৰ পুষ্টিৰ চাহিদা ভিন্ন সেয়ে এই ক্ষেত্ৰত গৱেষণা কৰা দৰকাৰ বুলি ভাবিব পাৰি৷ কলিয়াবৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এই পৰ্যটনৰ বতৰত জাক জাক কাছৰ জলকেলি এতিয়া দেশবিদেশৰ পৰ্যটকৰ বাবে হৈ পৰিছে আকৰ্ষণৰ আকৰ৷