Assamese Language : অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্কীকৃতি দিয়াৰ দাবী সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাৰ

WhatsApp Image 2022 12 16 at 18.48.45

Assamese Language :

অসমীয়া ভাষাক ভাৰতবৰ্ষৰ অন্যতম ধ্ৰুপদী ভাষাৰূপে স্কীকৃতি দিয়াৰ দাবী উত্থাপন কৰিলে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই

উল্লেখ্য যে , সাংসদ মাৰ্ঘেৰিটাই আজি সদনত অসমীয়া ভাষাত ভাষণ প্ৰদান কৰি সদনৰ সতীৰ্থসকলক প্ৰশ্ন কৰি কয় ,’’ আমাৰ মাতৃভাষা অসমীয়া শুনি নিশ্চয় অসমীয়া ভাষাৰ শক্তি আমি উপলব্ধি কৰিছো ।‘’

ইতিমধ্যে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে বিদ্যায়তনিক পদক্ষেপ । তেনেক্ষেত্ৰত ভাৰতবৰ্ষৰ অন্যতম ধ্ৰুপদী ভাষাৰূপে অসমীয়া ভাষাক স্কীকৃতি প্ৰদান কৰিলে নিশ্চিতভাৱে আমাৰ ভাষাই এক পৰ্যায় পাব ।

গতিকে আজি এই সদনৰ পৰাই সাংসদজনে অসমীয়া ভাষাক এই স্কীকৃতি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ।

Exit mobile version