Assamese Language :
অসমীয়া ভাষাক ভাৰতবৰ্ষৰ অন্যতম ধ্ৰুপদী ভাষাৰূপে স্কীকৃতি দিয়াৰ দাবী উত্থাপন কৰিলে ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটাই ।
উল্লেখ্য যে , সাংসদ মাৰ্ঘেৰিটাই আজি সদনত অসমীয়া ভাষাত ভাষণ প্ৰদান কৰি সদনৰ সতীৰ্থসকলক প্ৰশ্ন কৰি কয় ,’’ আমাৰ মাতৃভাষা অসমীয়া শুনি নিশ্চয় অসমীয়া ভাষাৰ শক্তি আমি উপলব্ধি কৰিছো ।‘’
ইতিমধ্যে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে বিদ্যায়তনিক পদক্ষেপ । তেনেক্ষেত্ৰত ভাৰতবৰ্ষৰ অন্যতম ধ্ৰুপদী ভাষাৰূপে অসমীয়া ভাষাক স্কীকৃতি প্ৰদান কৰিলে নিশ্চিতভাৱে আমাৰ ভাষাই এক পৰ্যায় পাব ।
গতিকে আজি এই সদনৰ পৰাই সাংসদজনে অসমীয়া ভাষাক এই স্কীকৃতি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে ।