Bilawal Bhutto Zardari : লাদেনৰ স’তে তুলনা ! ৰাষ্ট্ৰসংঘত বেনজিৰ-পুত্রৰ কটাক্ষ প্ৰধানমন্ত্ৰী মোদীক

WhatsApp Image 2022 12 16 at 20.45.04

Bilawal Bhutto Zardari :

ৰাষ্ট্ৰসংঘত ব্যক্তি আক্রমণৰ বিৰল নজিৰ গঢ়িলে পাকিস্তানৰ বৈদেশিক মন্ত্রী বিলাবল ভুট্টো জাৰদাৰিয়ে । সন্ত্রাস প্রসংগত প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ স’তে সন্ত্ৰাসবাদী সংগঠন আল কায়দাৰ প্রধান অ’ছামা বিন লাদেনৰ তুলনা কৰিলে তেওঁ ।

প্রাক্তন পাক ৰাষ্ট্ৰপতি আছিফ আলি জাৰদাৰি আৰু সেই দেশৰ নিহত প্রাক্তন প্রধানমন্ত্রী বেনজিৰ ভুট্টোৰ পুত্ৰ বিলাবলে শুকুৰবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ বৈঠকত কয়, ‘‘অ’ছামা বিন লাদেন নিহত হৈছে । কিন্তু গুজৰাটৰ কছাই এতিয়াও জীৱিত আছে । তেওঁ ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী ।’’

পাক মন্ত্রীৰ এই মন্তব্যৰ তীব্র প্রতিক্রিয়া জনাইছে ভাৰতীয় বৈদেশিক মন্ত্রণালয়ে । বৈদেশিক মন্ত্রণালয়ৰ বিবৃতিত কোৱা হৈছে, ‘পাকিস্তানৰ বৈদেশিক মন্ত্রীৰ মন্তব্যত তেওঁৰ মানসিক অসুউ আৰু দায়িত্বজ্ঞানহীনতা প্রকাশ পাইছে ।’ নতুন দিল্লীৰ পাক দূতাবাসৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰে বিজেপিৰ যুৱ মর্চাই ।

বৃহস্পতিবাৰে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সভাত বৈদেশিক মন্ত্রী এছ জয়শংকৰে ২০০১ৰ সংসদ আক্ৰমণৰ ঘটনা আৰু আল কায়দা প্রধান অ’ছামা বিন লাদেনক এব’টাবাদত আশ্রয় দিয়াৰ প্রসংগ দাঙি ধৰি ইছলামাবাদক কটাক্ষ কৰে । তাৰেই প্রতিক্রিয়াত শুকুৰবাৰে এই মন্তব্য কৰে পাকিস্তান পিপলছ পার্টিৰ নেতা বিলাবলে ।

আমেৰিকাত গুজৰাট সংঘৰ্ষৰ প্রসংগ দাঙি ধৰি পাক বৈদেশিক মন্ত্রীৰ মন্তব্য, ‘‘ভাৰতৰ প্রধানমন্ত্রী নোহোৱা পর্যন্ত তেওঁৰ এই দেশত প্রৱেশাধিকাৰ নাছিল ।’’

প্রসংগত, গোধৰা-পৰৱর্তী সংঘৰ্ষৰ পাছত গুজৰাটৰ তৎকালীন মুখ্যমন্ত্রী মোদীৰ ভিছাৰ আবেদন নাকচ কৰিছিল ৱছিংটনে । সেই প্রসংগই দাঙি ধৰে বিলাবলে । লগতে, আৰএছএছৰ স’তে হিটলাৰৰ কুখ্যাত হত্যা বাহিনী এছএছ গ্রুপৰ তুলনাও কৰে তেওঁ ।

Exit mobile version