Guwahati : মহানগৰীত মৃত্যুৰ ভূৱা প্ৰমাণ পত্ৰ প্ৰস্তুত কৰা চক্ৰ উৎখাত

চি আই ডিৰ জালত পৰিছে আঠজনকৈ লোক

fraud 1668015357264 1668015357396 1668015357396

Guwahati :

দীৰ্ঘদিন ধৰি গোপনে মহানগৰ সহ নামনি অসমৰ দুখনকৈ জিলাত মৃত্যুৰ ভূৱা প্ৰমাণ পত্ৰ প্ৰস্তুত কৰা চক্ৰ এটাক উৎখাত কৰিবলৈ সক্ষম হয় চিআইডিয়ে ৷

মহানগৰীৰ পানবজাৰ, দিছপুৰ আৰু হেঙেৰাবাৰীৰ কেতবোৰ অঞ্চলত চিআই ডিয়ে গোপন খবৰৰ ভিত্তিত অভিযান চলাই ভূৱা প্ৰমাণ পত্ৰৰ বেহা কৰা চক্ৰ এটাৰ কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰে ৷

উল্লেখ্য যে কুখ্যাত চক্ৰটোৱে বহুদিনৰ পৰা এক্সিছ,আই চি আই চি আই সহ কে’বাটাও বেংকত জালিয়াতিৰে বীমা কৰি পৰৱৰ্তী সময়ত মৃত্যুৰ ভূৱা প্ৰমাণ পত্ৰৰ জৰিয়তে ধন উলিয়াই আহিছিল বেংক কেইটাৰ পৰা ৷

বৰ্তমানলৈকে ক্ৰাইম ব্ৰাঞ্চে আঠজনকৈ প্ৰৱঞ্চকক আটক কৰাৰ বিপৰীতে চক্ৰটোৰ আন সকলক বিছাৰি মহানগৰৰ পল্টন বজাৰৰ লগতে নলবাৰীৰ মুকালমুৱা আদিটো মাৰাথন অভিযান চলাইছে ৷

বৃহস্পতিবাৰে পুৱতি নিশাৰ পৰা অব্যাহত থকা অভিযান আজিও চলাইছেহ চি আই ডিয়ে ৷ চক্ৰটোৰ মুল কাণ্ডাৰী সহ কে’বাজনো জ্যেষ্ঠ বেংক বিষয়া জালত পৰা সম্ভাৱনা ব্যক্ত কৰে ক্ৰাইম ব্ৰাঞ্চে |

Exit mobile version