Kaliabor :নৌ সেনাৰ ঘাটি কলিয়াবৰৰ জয়সাগৰত দেশী-বিদেশী আলহী পক্ষীৰ কলৰৱ

কে’বাহেজাৰ কিলোমিটাৰ পথ অতিক্ৰমী উলটিছে না-না ৰঙী চৰাইৰ জাক

1671102935756

Kaliabor :

আকাশী পথেৰে উলটি আহিছে নানাৰঙী পাখিলাহি চৰাইজাক । তাহানিৰ ছশ বছৰীয়া আহোম ৰাজত্বকালৰ নৌ সেনাৰ ঘাটি কলিয়াবৰৰ জয়সাগৰত আজি আলহী পক্ষীৰ কলৰৱে সকলোৰে দৃষ্টি কাঢ়িছে ।

কোমল শীতৰ আগমণ ঘটিছে ৰাজ্যলৈ । পকাধান সামৰাৰ পিছত লাহে লাহে তৰাং হৈ পৰিছে ৰাজ্যৰ জলাশয় , বিল , পিটনি । এনে সময়তে আকাশী পথেৰে আকৌ অসম মুলুকত পাখি মেলিছেহি নানাৰঙী আলহী চৰাইজাকে ।

প্ৰচণ্ড শীতৰ পৰা ৰক্ষা পৰাৰ লগতে বংশবৃদ্ধিৰ তাড়নাতে এতিয়া সুদূৰ ছাইবেৰিয়া , মধ্য হিমালয়ৰ বিভিন্ন স্থানৰ পৰা অসম পাইছেহি বহু প্ৰজাতিৰ ৰংবিৰঙী আলহী পক্ষীৰ জাক ।

ছাইবেৰিয়ান ক্ৰেন, পেলিকান , ৰ’লাৰ, ইউজীন আদি দুষ্প্ৰাপ্য পক্ষীকুলে পাখি মেলিছেহি অসমৰ জলাশয়ৰ কোমল ৰ’দত । উল্লেখ্য যে , আগষ্টৰ পৰা মাৰ্চ-এপ্ৰিল পৰ্যন্ত মধ্য হিমালয় আদি স্থানত পানী পৰ্যন্ত গোট মাৰি বৰফ হোৱাৰ বাবেই ছাইবেৰিয়া সীমান্তৰ পৰাই অসমলৈ এই পক্ষীকুলে অতিক্ৰম কৰিছে ৫,১৬৯,২৫ মাইল আকাশী পথ ।

গড় হিচাপত ঘণ্টাত ৪০-৫০ মাইল উৰি অহা পক্ষীবোৰে অসমত প্ৰৱেশৰ বাবে সময় লয় আঢ়ৈৰ পৰা তিনি মাহ পৰ্যন্ত । ইয়াৰ পাছতে অসমৰ বিল-জলাশয়ত বিভক্ত হৈ পৰে পক্ষীকুল

কলিয়াবৰৰ অন্য বহু স্থানতো এতিয়া ভিৰ কৰিছেহি এই উৰণীয়া আলহীজাকে । ইয়াৰভিতৰত জয়সাগৰৰ দলনি অন্যতম । জয়সাগৰ দলনি কলিয়াবৰ মহকুমাৰ এক জৈৱ –বৈচিত্ৰৰে ভৰপুৰ জলাশয় । দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ বিচৰণস্থলী জলাশয়টো কলিয়াবৰৰ ঐতিহাসিক সমলৰূপেও চিহ্নিত হৈছে ।

আহোমৰ দিনত নানা যুদ্ধ-বিগ্ৰহত ব্যস্ত থকা স্বৰ্গদেউ প্ৰমন্ত সিংহই কলিয়াবৰত ৰজাবাহৰ পাতিছিল । প্ৰমন্ত সিংহৰ একমাত্ৰ জীয়ৰী জয়া আইদেউক শিলঘাটৰ ৰজাবাহৰত ৰাখিছিল । এই বাহৰত থাকোতেই টান নৰিয়াত পৰি জয়া আইদেউ মৃত্যুমুখত পৰে ।

জয়াৰ শৱদেহ ৰজাবাহৰৰ দক্ষিণে থকা বিলখনৰ পাৰতে সমাধিস্থ কৰিছিল । সেই ঠাইখণ্ড জয়া মৈদামৰ কাষতে থকা ১৬ হেজাৰ বিঘা মাটিকালিৰ জলাশয়টোৰ নাম প্ৰতাপ সিংহই চেনেহী জীয়ৰী জয়াৰ নামত নামাকৰণ কৰে ।

পূৱঘৰীয়া মৌজাৰ বৃহৎ বিলখন পাছলৈ জয়াসাগৰ নামেৰে প্ৰসিদ্ধ হৈ পৰে । এই জয়সাগৰ আহোম ৰজাৰ নৌ-সেনা বাহিনীৰ কেন্দ্ৰস্থল আছিল ।

ইয়াত যুদ্ধত ব্যৱহৃত নাও নিৰ্মাণ আৰু মেৰামতি কৰা হৈছিল । লাহে লাহে দিন বাগৰিল , সদায় ব্যস্ত হৈ থকা বিলখনত পক্ষীৰ ব্যস্ততা বাঢ়িল ।

শীতকালত অন্য ঠাইৰ পৰাও পক্ষী আহি জয়সাগৰ বিলৰ শোভা বঢ়ালে । জয়সাগৰৰ কাষৰীয়া গঞা ৰাইজে বৰ তৃপ্তিৰে কাৰো হানি-বিঘিনি নোহোৱাকৈ শ’ল , মাগুৰ , কাৱৈ , গৰৈ , কান্ধুলিকে ধৰি এসাঁজ উদৰ পূৰাই খাইছিল ।

বিশেষ ক্ষতি নোহোৱাকৈয়ে কেতিয়াবা কাষৰীয়া সাধাৰণ গঞা মাজে-মধ্যে পক্ষীৰ মাংস, কণীৰ জুতি ল’লে । এচামৰ লোভ বাঢ়িল , জাল পাতি, চিকাৰ কৰি বনৰীয়া পক্ষীৰ বেহা এচাম লুভীয়া গ্ৰাহকৰ সহায়ত চলি থাকিল ।

এইবাৰ জয়সাগৰৰ বুকুত চকু পৰিল । শ’ল , কান্ধুলি , মাগুৰ , গৰৈ , কাৱৈ মাছৰ ঠাইত পুখুৰী খান্দি মীন পালনৰ আচিলাৰে জয়সাগৰত এতিয়া এচামৰ বে-দখল আৰম্ভ হৈছে ।

পক্ষী চিকাৰ স্থানীয় সচেতন ব্যক্তি আৰু সংগঠনৰ চেষ্টাত ক্ৰমাগতভাৱে কমিছে যদিও মীন পালনৰ বাবে বে-দখল এতিয়াও চলি আছে ।

বে-দখলৰ পাছত এতিয়া প্ৰাকৃতিক জলাশয়টোলৈ আহিবলৈ আলহী পক্ষীও যেন বাট পাহৰা নাই । এতিয়াও প্ৰতি বছৰে হেজাৰ হেজাৰ পৰিভ্ৰমী শোভা বৰ্ধন কৰেহি । এই বছৰো তাৰ ব্যতিক্ৰম হোৱা নাই ।

কাম চৰাই , শৰালি হাঁহ , বৰটোকোলা , হাড়গিলা , শামুকভঙা আদি পক্ষীৰ স্বাভাৱিক আশ্ৰয়স্থল হোৱাৰ উপৰি শীতৰ আগমণৰ লগে লগে বহু পৰিভ্ৰমী চৰাই জয়সাগৰলৈ আগমণ হয়, এইবেলিও ইয়াৰ ব্যতিক্ৰম হোৱা নাই ।

ইতিমধ্যে দুষ্প্ৰাপ্য পক্ষীৰ শাৰীত পৰা কে’বাবিধো পক্ষী স্থানীয় প্ৰকৃতিপ্ৰেমী বে-চৰকাৰী অনুষ্ঠানে জয়সাগৰ দলনিত প্ৰায় শতাধিক পক্ষীৰ বাসস্থানৰূপে আৱিষ্কাৰ কৰিছে ।

যাৰ বেছিভাগেই শীতকালৰ পৰিভ্ৰমী চৰাই । ইতিমধ্যে দুষ্প্ৰাপ্য কাক হাঁহ (অৰিয়েণ্টল ডাৰ্টাৰ) , বিয়েৰ পোচাৰ্ড , থেৰেজেনিয়াম পোচাৰ্ড , পেচান টে’ল , জাকান আদি জয়সাগৰ দলনিত সহজেই দেখিবলৈ পোৱা যায় ।

গ্লচিয়াচ আইবিজ , ব্লেক টেজেড আইবিজ , কমন কোট, প্লে লেগ গীজ , ব্ৰাউন হেডেড গাল আদি বিভিন্ন দেশী-বিদেশী পক্ষীৰ কলৰৱত মুখৰিত জয়সাগৰ দলনি কলিয়াবৰৰ এক পৰ্যটন ক্ষেত্ৰ হোৱাৰ উপযুক্ত সমল থকা স্বতেও বে-দখলে জলাশয়টোৰ জৈৱ-বৈচিত্ৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে ।

একেদৰে একাংশই চৰকাৰী মীন আঁচনিৰ ধনেৰেও জয়সাগৰৰ বৃহৎ আকাৰৰ ভূমিত পুখুৰী খান্দিবলৈ যো-জা হাতত লৈছে বুলি জানিব পৰা গৈছে ।

শেহতীয়াকৈ উপচি পৰা পানীৰ পৰা ৰক্ষা কৰিবলৈ চৰকাৰী ধনেৰে খাল খান্দি পানীভাগ বোৱাই নিয়াৰ ব্যৱস্থাই জয়সাগৰৰ প্ৰতি আগন্তুক দিনত ভয়ানক বিপদ কঢ়িয়াই অনিব ।

তদুপৰি কাষৰীয়া উৰ্বৰ কৃষিভূমিৰ প্ৰতিও ভাবুকি হৈ পৰিব বুলি কৃষক ৰাইজে আশংকা প্ৰকাশ কৰিছে । ইয়াৰমাজতে সকলোৰে আশা , পাখিলাহী চৰাইজাকৰ কলৰৱত মুখৰিত হৈ থাকক কলিয়াবৰৰ এই ঐতিহাসিক জলাশয় ।

Exit mobile version