Kitchen Hacks : ষ্টিলৰ বাচন চাফা কৰাৰ সহজ উপায়ৰ বিষয়ে জানক –

WhatsApp Image 2022 12 16 at 21.06.27

Kitchen Hacks :

সমাগত বৰদিন । এনে উৎসৱমুখৰ পৰিবেশত বন্ধৰ দিন বুলি ঘৰলৈ আত্মীয়ৰ লগতে ওচৰ-চুবুৰীয়া বিভিন্ন লোকৰ আগমণ হয় । সকলোকে খোৱা-বোৱা কৰাবলৈ বিভিন্ন খাদ্য সম্ভাৰ ৰান্ধিবলগীয়া হয় ।

ফলত ষ্টিলৰ বাচনত খাদ্য-সামগ্ৰীৰ না-না ধৰণৰ দাগ লাগে । যিবোৰ চাফা কৰিবলৈ আমাৰ যথেষ্ট অসুবিধা হয় । তেনেক্ষেত্ৰত সহজ উপায়েৰে আমি দৈনিক ব্যৱহাৰ কৰা ষ্টিলৰ বাচন চাফা কৰিব পাৰো ।

১/ বেকিং চ’ডা : বিভিন্ন সময়ত ঘৰত দৈনিক ব্যৱহাৰ কৰা ষ্টিলৰ বাচনত গাঢ় ৰঙৰ দাগ পৰা দেখা যায় । এইধৰণৰ দাগ আতৰ কৰিবলৈ অত্যন্ত উপযোগী পদাৰ্থ হৈছে বেকিং চ’ডা । এটা পাত্ৰত গৰম পানী লৈ দুচামুচ বেকিং চ’ডা ঢালি , সেই পানীত বাচনসমূহ তিনিৰ পৰা চাৰি ঘণ্টা ডুবাই ৰাখিব লাগে । পিছত বাচনসমূহ পানীৰ পৰা উঠাই সাধাৰণ বাচন ধোৱা চাবোনেৰে মাজি দিলেই নতুন বাচনৰ দৰে চকচকীয়া হৈ পৰিব ।

২/ ভিনেগাৰ : দৈনিক ব্যৱহাৰ কৰা বাচনত কেতিয়াবা বগা দাগ পৰা দেখা যায় । এইধৰণৰ দাগ সাধাৰণতে উঠাবলৈ অসুবিধা হয় । তেনেক্ষেত্ৰত গৰম পানীত এক চতুৰ্থাংশ ভিনেগাৰ দি ৩০-৪০ মিনিট সময় বাচনসমূহ তিয়াই ৰাখিব লাগে । পিছত বাচন ধোৱা চাবোনেৰে মাজি এখন চাফা কাপোৰেৰে মুচি পেলাব লাগে । তেনে কৰিলে বাচনসমূহ চাফা হোৱাৰ লগতে পানীৰ দাগ পৰাৰো ভয় নাথাকে ।

৩/ গৰম পানী : কেতিয়াবা খাদ্য ৰান্ধোতে কেৰাহীৰ বা অন্য পাত্ৰৰ তলত লেতেৰা দাগ লাগে । এনে দাগ চাফা কৰাতো যথেষ্ট কঠিন । তেনেক্ষেত্ৰত সেই বাচনটোত অলপ পানী ঢালি গেছত বেছি জুইত তুলি দিয়ক । দুই-তিনি মিনিট উতলিবলৈ দিয়াৰ পিছত গেছটো অফ কৰি ৩০-৪০ মিনিট অপেক্ষা কৰক । দেখিব তলত লাগি থকা দাগ সহজে চাফা হৈ গৈছে ।

Exit mobile version