Rahul Gandhi : যুদ্ধৰ প্রস্তুতি কৰিছে চীনে, মোদী চৰকাৰৰ টোপনি ভাঙিব কেতিয়া ? কেন্দ্রক কটাক্ষ ৰাহুল গান্ধীৰ

WhatsApp Image 2022 12 16 at 19.52.39

Rahul Gandhi :

চীন সন্দৰ্ভত প্রকৃত নিয়ন্ত্রণ ৰেখাৰ সংকটৰ বিষয়ে লুকুৱাই ৰাখিব বিচাৰিছে নৰেন্দ্র মোদীৰ চৰকাৰে । অৰুণাচলৰ ঘটনাৰ পাছত প্রতিক্রিয়া জনালে কংগ্রেছ নেতা ৰাহুল গান্ধীয়ে ।

তেওঁৰ দাবী, বেইজিঙে ভাৰতৰ স’তে যুদ্ধৰ প্রস্তুতি কৰিছে, কিন্তু সেয়া মানি ল’ব বিচৰা নাই নৰেন্দ্র মোদী প্রশাসনে

দেশব্যাপী পদযাত্রা কৰিছে ৰাহুলে । ইতিমধ্যে ৰাজস্থানত উপস্থিত হৈছে ‘ভাৰত জোড়ো’ যাত্রা । দৌছা জিলাত ৰাজ্যখনৰ শুকুৰবাৰে ৰাহুলে দাবী কৰে, চীনে পূৰ্ণগতিত যুদ্ধৰ প্রস্তুতি চলাইছে ।

তেওঁ কয়, ‘‘চীনে অনুপ্রৱেশৰ নহয়, সম্পূৰ্ণ যুদ্ধৰ পৰিকল্পনা কৰিছে । তেওঁলোক যুদ্ধৰ বাবে প্ৰস্তুত হৈছে । চাওক, তেওঁলোকে কেনে ধৰণৰ অস্ত্র ব্যৱহাৰ কৰিছে । কিন্তু আমাৰ চৰকাৰে মানি ল’ব‌ই বিচৰা নাই । প্ৰকৃততে ভাৰত চৰকাৰে এট ঘটনাক কেন্দ্র কৰি কাম কৰিছে, সামগ্রিক কৌশল বুলি একো নাই ।’’

আক্রমণৰ সন্দৰ্ভত জোৰ দি ৰাহুলে আৰু কয়, ‘‘চীনে আমাৰ ভূমি কাঢ়ি লৈছে । আমাৰ সেনাক মাৰিছে । চীনৰ বিপদ এতিয়া আৰু লুকুৱাই ৰখা বিষয় নহয় । কিন্তু চৰকাৰে এইবোৰ দেখিও নেদেখা ভাও ধৰিছে । চীনে লাদাখ আৰু অৰুণাচলত যুদ্ধৰ প্রস্তুতি কৰিছে আৰু ভাৰত চৰকাৰ টোপনিত লালকাল !’’

ৰাহুলৰ এই মন্তব্য অত্যন্ত তাৎপর্যপূর্ণ কাৰণ অৰুণাচলৰ ঘটনা সন্দৰ্ভত কেন্দ্রীয় চৰকাৰে জনাইছে যে, প্রকৃত নিয়ন্ত্রণ ৰেখাৰ সমান্তৰাল চীন ‘এককভাৱে স্থিতাৱস্থা সলনিৰ চেষ্টা’ত । তাৰেই ফলশ্রুতি অৰুণাচলত দুই দেশৰ সেনাৰ মাজত হাতাহাতি । যি ঘটনাত দুই তৰফৰ পৰাই একাধিক সেনা জোৱান আহত হৈছে বুলি খবৰ ।

২০২০-ত লাদাখৰ গালৱান উপত্যকাত একেদৰে দুই পৰমাণু শক্তিসম্পন্ন দেশৰ সেনা হাতাহাতিত লিপ্ত হৈ পৰিছিল । তাত ভাৰতীয় সেনাৰ ২০ জন আৰু চীনৰ পিপলছ লিবাৰেছন আর্মিৰ (পিএলএ) চাৰিজন সেনাকর্মীৰ মৃত্যুৰ খবৰ পোৱা গৈছিল । তাৰ পাছৰ পৰা ইমান বৃহৎ সংঘর্ষ পৰিলক্ষিত নহয় ।

অৰুণাচল প্রদেশৰ দখল কাৰ হাতত থাকিব, ১৯৬২-ত ইয়াকে লৈ দ্বন্দ্বৰ ফলত তুমুল যুদ্ধত লিপ্ত হৈ পৰিছিল ভাৰত আৰু চীন । বেইজিঙৰ দাবী আছিল, অৰুণাচল তেওঁলোকৰ এক্তিয়াৰভুক্ত আৰু এই অঞ্চলক তিব্বতৰ অংশ হিচাপেই গণ্য কৰে চীনে।

Exit mobile version