Arrest : উৎকোচ লৈ পুনৰ গ্ৰেপ্তাৰ হ’ল লখিমপুৰৰ কনিষ্ঠ গাণনিক সহায়ক জগত চন্দ্ৰ নাথ

0173d1ee 9a58 44cd 9397 df4148f1f587

Arrest :

পুনৰ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী । লখিমপুৰৰ জগত চন্দ্ৰ নাথ নামৰ এইজন কনিষ্ঠ গাণনিক সহায়কে উৎকোচ লৈ থকা সময়তে দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল ।

লখিমপুৰৰ বিহপুৰীয়াত এনপিএচৰ বিলৰ নামত ধন লওতেই দুৰ্নীতি নিবাৰক শাখাৰ দলে হাতে-লোটে ধৰি গ্ৰেপ্তাৰ কৰে এই সহায়কজনক ।

দুৰ্নীতি নিবাৰণ কৰাৰ ক্ষেত্ৰত অসম চৰকাৰ যিমানেই তৎপৰ নহওক কিয় ইয়াৰমাজতে এচাম অসাধু কৰ্মচাৰীয়ে দৈনিক চলাই গৈছে সহজ উপায়েৰে ধন ঘটাৰ প্ৰচেষ্টা । তেনেক্ষেত্ৰত আজি লখিমপুৰত এজন চৰকাৰী কৰ্মচাৰী ধৰা পৰাত ৰাইজে সন্তোষ প্ৰকাশ কৰিছে ।

Exit mobile version