Arvind Kejriwal most popular CM on Twitter : টুইটাৰত মুখ্যমন্ত্ৰী হিচাপে সবাতোকৈ জনপ্ৰিয় কেজৰিৱাল, দ্বিতীয় স্থানত যোগী

1641649632 new project 50

Arvind Kejriwal most popular CM on Twitter  :

টুইটাৰৰ ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতে তৃতীয় স্থান দখল কৰিলে। ভাৰতৰ দুই কোটি ৩৬ লাখ লোকে টুইটাৰ ব্যৱহাৰ কৰি আহিছে।

আনহাতে, টুইটাৰ ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰথম স্থানত থকা আমেৰিকাত সাত কোটি ৬৯ লাখ লোকে মাইক্র’ ব্লগিং ছাইটটো ব্যৱহা কৰে।

একেদৰে দ্বিতীয় স্থানত থকা জাপানত পাঁচ কোটি ৮৯ লাখ লোকে টুইটাৰ ব্যৱহাৰ কৰি আহিছে। ভাৰতৰ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ ভিতৰত টুইটাৰত সবাতোকৈ জনপ্ৰিয় হৈছে দিল্লীৰ মুখ্যমন্ত্রী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাল।

মাইক্ৰ’ ব্লগিং ছাইটটোত কেজৰিৱালৰ দুই কোটি ৬৭ লাখৰো অধিক ফলোৱাৰ আছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ টুইটাৰত ফলোৱাৰৰ সংখ্যা হৈছে দুই কোটি ২৮ লাখ।

মধ্য প্রদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে ফলোৱাৰৰ সংখ্যা ৮০ লাখ ৮০ হেজাৰৰ অধিক। একেদৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ প্ৰায় ৮০ লাখ ফলোৱাৰ টুইটাৰত আছে।

পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ টুইটাৰত ফলোৱাৰৰ সংখ্যা হৈছে ৭০ লাখৰ অধিক।

Exit mobile version