Avatar 2 : ‘অবতাৰ ২’ চাই থাকোতেই ছবিগৃহত হৃদ্‌ৰোগত আক্রান্ত হৈ মৃত্যু দৰ্শকৰ !

download 1 9

Avatar 2 :

শেহতীয়াকৈ মুক্তি পাইছে জেমছ কেমেৰনৰ দ্বাৰা পৰিচালিত ‘অবতাৰ ২’ ছবি । সেই ছবি চাবলৈ পেড্ডাপুৰমৰ এখন হলত গৈছিল লক্ষ্মীৰেড্ডি শ্রীনু । তেওঁৰ লগত তেওঁৰ ভাতৃ ৰাজুও আছিল ।

ছবিৰ মাজতে হঠাৎ হৃদ্‌ৰোগত আক্রান্ত হয় লক্ষ্মী । তেওঁক উদ্ধাৰ কৰি হাস্পাতালত ভৰ্তি কৰোৱা হয় যদিও, চিকিৎসকসকলে মৃত ঘোষণা কৰে ।এই ঘটনা অন্ধ্রপ্রদেশৰ কাকিনাড়া জিলাৰ ।

ঘটনাচক্রে, এই ধৰণৰে এটা ঘটনা সংঘটিত হৈছিল ২০১০ত । সংবাদ সংস্থা এএফপি-য়ে জনাইছে, সেই বছৰত ‘অবতাৰ ১’ মুক্তি পোৱাৰ পাছত ছবিখন চাবলৈ গৈছিল টাইৱানৰ এক লোক ।

লক্ষ্মীৰ দৰেই ছবিৰ মাজভাগতে হৃদ্‌ৰোগত আক্রান্ত হৈ মৃত্যু হৈছিল তেওঁৰ । চিকিৎসকসকলে পাছত জনাইছিল, লোকজনৰ উচ্চৰক্তচাপৰ সমস্যা আছিল । ছবি চাই থকাৰ সময়ত অতি উত্তেজনাত মৃত্যু হৈছিল তেওঁৰ ।

অৱশ্যে অন্ধ্রপ্রদেশৰ লক্ষ্মীৰ ক্ষেত্রতো তেনে কোনো ঘটনাই ঘটিছে নেকি, সেয়া পৰ্যৱেক্ষণ কৰা হৈছে বুলি জনাইছে আৰক্ষীয়ে । কেৱল সেয়াই নহয়, লক্ষ্মীৰ কোনো শাৰীৰিক অসুস্থতা আছিল নেকি, সেয়াও জানিবলৈ চেষ্টা কৰা হৈছে ।

মঞ্চত নাচি থকা অৱস্থাত মৃত্যু, অভিনয় কৰাৰ সময়ত মৃত্যু, বিয়াঘৰত নচাৰ সময়ত মৃত্যু — সম্প্রতি হৃদ্‌ৰোগত আক্রান্ত হৈ এনে বহু লোকৰ মৃত্যুৰ ঘটনা প্রকাশ্যত আহিছে । এইবাৰ ছবি চাই থকাৰ সময়ত হৃদ্‌ৰোগত আক্রান্ত হৈ মৃত্যুৰ ঘটনা ঘটিল ।

Exit mobile version