Benefits of Vitamin E : ভিটামিন ‘ই’ য়ে ছালৰ কি কি উপকাৰ সাধন কৰে ?

Apply Vitamin E Capsules For Glowing Skin

Benefits of Vitamin E :

খুব সহজ কেইটামান নিয়ম মানি চলিলেই ছালৰ বিভিন্ন সমস্যা দূৰ হয় । বিশেষকৈ ভিটামিন ‘ই’ ছালৰ কাৰণে খুবেই উপকাৰী । ইয়াত থকা এণ্টি অক্সিডেণ্টে ছালৰ বিভিন্ন সমস্যা দূৰ কৰে ।

ছালৰ আদ্ৰতা ধৰি ৰখাত ভিটামিন ‘ই’ য়ে বিশেষ কাম কৰে । শীতত ভিটামিন ‘ই’ য়ে প্ৰাকৃতিক ময়শ্চাৰাইজাৰৰ কাম কৰাৰ সমান্তৰালকৈ ছালৰ বলিৰেখা হ্ৰাস কৰাত সহায় কৰে ।

১/ দুচামুচ গোলাপ জলত এটা ভিটামিন ‘ই’ কেপচুল মিহলি কৰি ল’ব লাগে । এই মিশ্ৰণ মুখত লগাই প্ৰায় ৩০ মিনিট সময় অপেক্ষা কৰিব লাগে । ইয়াৰ পাছত পৰিষ্কাৰ পানীৰে মুখখন ধুই পেলাব লাগে । সমান্তৰালকৈ এল’ভেৰাৰ জেল দুচামুচ লৈ এচামুচ গোলাপ জল আৰু এটা ভিটামিন ‘ই’ কেপচুল মিহলি কৰি ল’ব লাগে । পিছত এই মিশ্ৰণ মুখত প্ৰায় ১৫-২০ মিনিট সময় লগাই ৰাখি ধুই পেলাব লাগে ।

২/ একাপ গ্ৰিণ টি গৰম কৰি ঠাণ্ডা কৰি লৈ ইয়াৰ লগত এচামুচ মৌ আৰু দুটা ভিটামিন ‘ই’ কেপচুল মিহলি কৰি ল’ব লাগে । ভালকৈ ঠাণ্ডা হোৱাৰ পাছত মুখত লগাই কিছু সময় ৰাখি ধুই পেলাব লাগে । দেখিব আপোনাৰ ছালখন মসৃন হোৱাৰ লগতে উজ্জ্বল হৈ পৰিব ।

আচলতে ভিটামিন ‘ই’ য়ে ছালৰ আদ্ৰতা ধৰি ৰখাৰ সমান্তৰালকৈ ছালৰ কোমলতা বৃদ্ধি কৰে । বিশেষকৈ বয়সৰ চাপ পৰাত ভিটামিন’ই ‘ খুবেই উপকাৰী ।

বি : দ্ৰ : এই প্ৰতিবেদনটি সাধাৰণ তথ্যৰ ওপৰত আধাৰিত যদিও ছালৰ অন্য সমস্যা সৃষ্টি হ’লে বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো বাঞ্চণীয় ।

Exit mobile version