Boycott Pathan : অসমত চলিব নোৱাৰিব শ্বাহৰুখ খান অভিনীত ‘পাঠান’ : সত্যৰঞ্জন বৰা

download 3 4

Boycott Pathan :

সমগ্ৰ দেশৰ লগতে অসমতো হিন্দী ছবি ‘ পাঠান ‘ বয়কটৰ শ্ল’গান চলিল । সদ্য মুক্তি পাবলগীয়া শ্বাহৰুখ-দীপিকা অভিনীত ‘পাঠান ‘ ছবিখনক লৈ সৰৱ হৈ পৰিছে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰা ।

অসমৰ কোনো হলতে এই ছবিখন চলিব নোৱাৰিব, যিহেতু হিন্দু সমাজক কটু দৃষ্টিৰে চোৱা ছবি অসমত চলোৱা নহ’ব বুলি হুংকাৰ দিছে এই হিন্দুত্ববাদী নেতাজনে ।

ছবিখনক লৈ কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ’লে , তাৰকাৰণে তেওঁ দায়ী নহয় বুলিও উল্লেখ কৰিছে এই বিতৰ্কিত নেতাজনে ।

অসমত শ্বাহৰুখ খানৰ ‘পাঠান’ চলিব নোৱাৰিব বুলি হুংকাৰ দি তেওঁ অসমৰ সকলো চিনেমা হলৰ মালিকক সকীয়নি প্ৰদান কৰে । ইতিমধ্যে ‘পাঠান ‘ ছবিখনৰ দুটা গীত চ’ছিয়েল মিডিয়াত এৰি দিয়া দেখা গৈছে ।

এই গীত সম্প্ৰচাৰ হোৱাৰ লগে লগে মধ্যপ্ৰদেশৰ এজন মন্ত্ৰীয়ে দীপিকা পাডুকনৰ সাজ-সজ্জাক লৈ কিছু মন্তব্য কৰিছিল আৰু সেই মন্তব্যক লৈ এতিয়া দেশজুৰি ‘ পাঠান ‘ বয়কটৰ শ্ল’গান আৰম্ভ হৈছে ।

বিশেষকৈ চ’ছিয়েল মিডিয়াৰ টুইটাৰত ‘ বয়কট পাঠান ‘ শীৰ্ষক শ্ল’গান ভৰি পৰা দেখা গৈছে । ইফালে বহু দিন বিৰতিৰ পাছত শ্বাহৰুখ খানৰ এই ছবিখন ছবিগৃহলৈ নতুন বৰ্ষৰ ২৫ জানুৱাৰীত অহাৰ কথা আছিল যদিও দেশজুৰি আৰম্ভ হোৱা এই ট্ৰেণ্ডিঙে ছবিখনত কেনেধৰণৰ প্ৰভাৱ পেলাব সেইয়া লক্ষণীয় হ’ব ।

Exit mobile version