Devoleena Bhattacharjee Marriage : মুছলমান প্ৰেমিকক বিয়া কৰাই গালি খাইছে গোপী বহু খ্যাত দেৱলীনাই 

Devoleena Bhattacharjee Marriage :

ৰঙা শাৰী, হাতত খাৰু, ডিঙিত মংগলসূত্ৰ পিন্ধি এগৰাকী সুগৃহিনী হৈ টেলিভিছন পৰ্দাত ভুমুকি মৰা অসম কন্যা দেৱলীনা ভট্টাচাৰ্য দেশবাসীৰ ঘৰে-ঘৰে যথেষ্ট জনপ্ৰিয়াত লাভ কৰিছিল ।

সদ্য চ’ছিয়েল মিডিয়াত অভিনেত্ৰীগৰাকীয়ে নিজৰ বিয়াৰ ফটো চেয়াৰ কৰাৰ লগে লগে যেন গালিৰ বৰষুণ পৰিল । প্ৰাপ্ত তথ্যৰ অনুসৰি , নিজৰ জিম প্ৰশিক্ষক শেহনাৱাজ নামৰ এই মুছলমান যুৱকজনৰ সৈতে দেৱলীনাৰ বিবাহ সম্পন্ন হৈছে ।

মুষ্টিমেয় কিছু সংখ্যক লোকৰ উপস্থিতিত বিবাহ হোৱা দেৱলীনাই এই মুছলমান জিম প্ৰশিক্ষকজনক বিয়া কৰোৱা কাৰণে সামাজিক মাধ্যমত একাংশ অনুৰাগীৰ কটাক্ষৰ চিকাৰ হ’বলগীয়া হৈছে ।

বিশেষকৈ হিন্দু সম্প্ৰদায় লোকৰ দ্বাৰা কটু কথা শুনিবলগীয়া হৈছে এই অভিনেত্ৰীগৰাকী । যিহেতু ষ্টাৰ প্লাচৰ জনপ্ৰিয় ধাৰাবাহিক ‘চাথ নিভানা চাথিয়া’ ৰ মুখ্য চৰিত্ৰত অভিনয় কৰিছিল দেৱলীনাই । ২০১০ ৰ পৰা ২০১৭ চনলৈ সুদীৰ্ঘ সাত বছৰ চলিছিল এই ধাৰাবাহিকখন ।

এই ধাৰাবাহিকৰ পৰা সৰ্বত্ৰে জনপ্ৰিয় হৈ পৰা অভিনেত্ৰীগৰাকীয়ে দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছিল । তেতিয়াৰ পৰাই অভিনেত্ৰীগৰাকীক অনুৰাগীয়ে গোপী বুলিয়েই সম্বোধন ধৰিছিল । এই গোপীক পুনৰ মুখ্য চৰিত্ৰত লৈ ‘’চাথ নিভানা চাথিয়া’ৰ দ্বিতীয় খণ্ড মুক্তি পায় । দুটা বছৰ চলাৰ পিছত ২০২২ ৰ ১৬ জুলাইত এই ধাৰাবহিকখন শেষ হৈছিল ।

ইয়াৰ পিছত একাধিক হিন্দী ধাৰাবাহিকত অভিনয় কৰা গোপীখ্যাত দেৱলীনাই কিন্তু পূৰ্বৰ ধাৰাবাহিকৰ দৰে জনপ্ৰিয়তা অৰ্জন কৰিব পৰা নাই ।

বিগত দুটা বছৰ পূৰ্বে তেওঁ বিগ বছ-১৩ ৰ দৰে ৰিয়েলিটি শ্ব’টো ভাগ লোৱা দেখা গৈছিল । অৱশ্যে শাৰীৰিক অসুস্থতাৰ কাৰণে অভিনেত্ৰীগৰাকী প্ৰতিযোগিতাৰ পৰা ওলাই আহিব ল’গা হৈছিল ।

এই বিগ বছৰ মঞ্চতে তেওঁ নাম প্ৰকাশ নকৰাকৈ নিজৰ প্ৰেমিক থকাৰ কথা উল্লেখ কৰিছিল । সেইসময়ৰ পৰাই সকলোৰে মাজত অভিনেত্ৰীগৰাকীৰ প্ৰেমিকক লৈ কৌতুহলৰ সৃষ্টি হৈ আহিছিল ।

অৱশেষত নাম প্ৰকাশ নকৰাকৈয়ে এজন অন্য সম্প্ৰদায়ৰ যুৱকৰ সৈতে বিয়াত বহাত সহজভাৱে ল’ব পৰা নাই অনুৰাগীয়ে । বিশেষকৈ তেওঁৰ স্বামী মুছলমান সম্প্ৰদায়ৰ হোৱাৰ বাবে এতিয়া যেন গালিৰ বৰষুণ পৰিছে অভিনেত্ৰীগৰাকীৰ প্ৰতিটো পষ্টত ।

চ’ছিয়েল মিডিয়াৰ যোগেদি দেৱলীনাই লিখিছে ,’’ হয় মই চিৰকালৰ বাবেই তোমাৰ হ’লো । মোৰ সকলো কষ্টৰ উত্তৰ তুমি । তোমাক খুব ভাল পাওঁ সোনু।‘’

একেদৰে ইনষ্টাগ্ৰামৰ পষ্টত তেওঁ প্ৰেমিক স্বামীক সকলোকে পৰিচয় কৰি লিখিছে , ‘’এইয়াই হ’ল সেই ৰহস্যময় মানুহ , আপোনালোকৰ জোৱাই ।‘’

অৱশ্যে কিছু অনুৰাগীয়ে গালি পাৰিলেও একাংশই কিন্তু এই বেংগলী অভিনেত্ৰীগৰাকীক শুভেচ্ছাৰে উপচাই পেলোৱা দেখা গৈছে ।

Exit mobile version