Duplicate Aadhaar Card : দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি,ৰাজ্যত অনুপ্ৰৱেশকাৰীৰ হাতত ভুৱা আধাৰ

duplicate aadhar card

Duplicate Aadhaar Card :

অসমসহ দেশৰ চাৰিখন ৰাজ্যত অনুপ্ৰৱেশকাৰীয়ে আধাৰ কাৰ্ড লাভ কৰিবলৈ সক্ষম হোৱা বুলি গভীৰ উদ্বিগ্নতা প্ৰকাশ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্রণালয়ে।

আন দুখন ৰাজ্য হ’ল ত্ৰিপুৰা আৰু পশ্চিমবংগ । তদুপৰি এই তালিকাত মেঘালয়ৰ নামো আছে। এনে কাৰণতে অলপতে কেন্দ্ৰীয় গৃহ সচিব অজয় কুমাৰ ভাল্লাই চাৰিওখন ৰাজ্যৰ গৃহ সচিব কেইজনৰ লগত জৰুৰীভাৱে বিষয়টোৰ আলোচনা কৰে।

সমস্যাটোৰ সমাধানৰ বাবে ৰাজ্যকেইখনৰ পৰা ভাল্লাই সহযোগিতা বিচাৰে। বৈঠকত হোৱা চৰ্চা অনুসৰি অসমৰ ক্ষেত্ৰত ধুবুৰী, দক্ষিণ শালমাৰা, গোৱালপাৰা, কৰিমগঞ্জ আৰু হাইলাকান্দিত সমস্যাটোৰ গভীৰতা অধিক।

সংশ্লিষ্ট ৰাজ্যকেইখনৰ বাংলাদেশ সীমান্তৱৰ্তী জিলাবোৰত সন্দেহযুক্ত অনুপ্ৰৱেশকাৰীয়ে আধাৰ কাৰ্ড পাবলৈ সক্ষম হৈছে। অসমৰ উক্ত জিলাকেইখন বাংলাদেশৰ সীমাত অৱস্থিত।

এই জিলাকেইখনত জাল আধাৰ কার্ড তৈয়াৰ কৰা বিভিন্ন চক্র সক্ৰিয় হৈ আহিছে। ইতিমধ্যে অসম, পশ্চিমবংগ আৰু ত্ৰিপুৰাত তেনে কে’বাটাও চক্ৰৰ তথ্য পোহৰলৈ আহিছে।

সেইবোৰ চক্রই বাংলাদেশৰ পৰা অনুপ্ৰৱেশকাৰীয়ে ভাৰতত প্ৰৱেশৰ পাছতে ইয়াৰ নাগৰিকৰ পৰিচয়ৰ অংশ হিচাপে জাল আধাৰ কাৰ্ড যোগান ধৰে ।

ইপিনে, কেৱল বাংলাদেশ সীমান্তৱৰ্তী জিলা বুলিয়েই নহয়, অসমৰ অন্যান্য স্থানতো জাল আধাৰ কাৰ্ড প্ৰস্তুত কৰা চক্ৰৰ সক্ৰিয়তাক লৈও কেন্দ্ৰীয় গৃহ সচিবে উদ্বিগ্নতা প্ৰকাশ কৰে।

উল্লেখ্য যে অসমৰ বিভিন্ন স্থানত সময়ে সময়ে জাল আধাৰ কাৰ্ড প্ৰস্তুত কৰা চক্ৰ উৎখাত হৈ আহিছে। শেহতীয়াকৈ মৰিগাঁৱতো চাইবাৰ অপৰাধত অভিযুক্ত ছিৰাজুল ইছলাম নামৰ এজন লোকৰ বাসগৃহৰ পৰা বহু জাল আধাৰ কাৰ্ডৰ লগতে প্ৰায় পাঁচশখন উকা আধাৰ কাৰ্ড উদ্ধাৰ কৰা হয়।

এনে আৰু বহু ঘটনা সঘনে পোহৰলৈ আহি আছে। গতিকে জালআধাৰ কাৰ্ডক লৈ পোহৰলৈ অহা এনেবোৰ ঘটনাৰ মাজতে সন্দেহযুক্ত বাংলাদেশী অনুপ্ৰৱেশকাৰীয়েও ইয়াক সংগ্ৰহ কৰিবলৈ সক্ষম হোৱাটোৱে দেশৰ আইন-শৃংখলা
ব্যৱস্থাটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে।

সেয়েহে কেন্দ্রীয় গৃহ সচিবজনে এনে চক্ৰক উৎখাতত সক্রিয় ভূমিকা গ্ৰহণ কৰিবলৈ ৰাজ্যকেইখনৰ গৃহ সচিব কেইজনক নির্দেশ দিয়ে।

চোৰাংচোৱা ব্যৱস্থা অধিক তৎপৰ কৰাৰ লগত সন্দেহজনক খবৰ লাভ কৰিলেই ক্ষিপ্ৰ অভিযান চলোৱাত ভাল্লাই গুৰুত্ব আৰোপ কৰে।

Exit mobile version