Kheroni : পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বন্যহস্তীৰ উপদ্ৰৱ

WhatsApp Image 2022 12 17 at 18.44.15

Kheroni :

পশ্চিম কাৰ্বি আংলঙৰ খেৰণিত বন্যহস্তীৰ উপদ্ৰৱ । খেৰণি চাৰিআলীৰ জামপাথাৰ, মাজবস্তি, ৰানাইমা আদি গাঁওসমূহত বন্যহস্তীয়ে কে’বাটাও বাসগৃহ, দোকান আদি ভাঙি লণ্ডভণ্ড কৰাৰ লগতে বিঘাই বিঘাই কুঁহিয়াৰ, ধান খেতি, ৰবি খেতি আদি খাই, গচকী বিনষ্ট কৰিছে ।

বৃহস্পতিবাৰে নিশা জামপাথাৰ গাঁৱত প্ৰায় এশ জনীয়া এটা বন্যস্তীৰ জাকে গাঁওখনৰ বহুকেইটা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে কামাখ্যা শাহু নামৰ লোকজনৰ তিনিটা ঘৰ আৰু কামাখ্যা ষ্টোৰ নামৰ এখন দোকান ভাঙি চাউল, আতা, দালি আদি খাই দোকানখনৰ বহু টকাৰ সামগ্ৰী নষ্ট কৰে ।

ইয়াৰ পাছতে পুনৰ যোৱা নিশা পুৰানাবস্তি, মাজবস্তি, ন-ঘৰবা গাঁৱত বন্যস্তীৰ প্ৰায় ৪০ জনীয়া এটা জাকে গাঁওখনৰ বহুকেইজন লোকৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰি উপদ্ৰৱ চলায় ।

বন্যহস্তীৰ জাকটোৱে লালচান্দ ঠাকুৰ, অমৰ যাদৱ, শিৱপূজন চৌহান আৰু হাৰেৰাম যাদৱ, পূজা চৌহানৰ ঘৰ ভাঙি চাউল, ডালি, ঘেঁহু, বেঙেনা আদি খায় তহিলং কৰে ।

উল্লেখ্য যে বিগত কিছু দিনৰ পৰা এই বন্যহস্তীৰ জাকটোৱে খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰি বিভিন্ন ক্ষয়ক্ষতি কৰা পৰিলক্ষিত হৈছে যদিও ব্যৰ্থ বন বিভাগৰ পৰা আজিলৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই বুলি ভুক্তভোগী পৰিয়ালে বিভিন্ন সময়ত অভিযোগ উত্থাপিত কৰি আহিছে ।

লগতে বৃহত্তৰ খেৰণি অঞ্চলত এতিয়া হাতীৰ জাকটোৱে বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে গঞা আৰু কৃষক ৰাইজৰ নিদ্ৰা হৰণ আৰু শংকিত কৰিছে ।

Exit mobile version